• সাগৰতলীৰ অক্টোপাছ বাগিচাঃ পোৱা গৈছে এটা বিৰল অক্টোপাছৰ পৰিয়াল, বাস কৰে সাগৰপৃষ্ঠৰ প্ৰায় দুমাইল গভীৰতাত

    বিজ্ঞান আৰু প্ৰযুক্তি
    সাগৰতলীৰ অক্টোপাছ বাগিচাঃ পোৱা গৈছে এটা বিৰল অক্টোপাছৰ পৰিয়াল, বাস কৰে সাগৰপৃষ্ঠৰ প্ৰায় দুমাইল গভীৰতাত
    ডিজিটেল ডেস্কঃ কোষ্টা ৰিকা উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰৰ পৃষ্ঠৰ পৰা প্ৰায় দুমাইল (অৰ্থাৎ ৩.২ কিলোমিটাৰ) তলত বাস কৰে এটা অক্টোপাছৰ পৰিয়ালে। শেহতীয়াকৈ সাগৰীয় বিজ্ঞানীসকলে অক্টোপাছৰ অজ্ঞাত জগতখন আৱিষ্কাৰ কৰিছে। ২০ জনীয়া বিজ্ঞানীৰ এটা দলে যোৱা মাহত তিনি সপ্তাহৰ সাগৰীয় অভিযানত নামিছিল। তেতিয়াই গম পোৱা গ’ল। তাৰপাছতে স্থানীয় প্ৰশাসন আৰু বৈজ্ঞানিক সমাজে অঞ্চলটোৰ ৰক্ষণাবেক্ষণৰ কামত সক্ৰিয় হৈ পৰিছে।

    এই আৱিষ্কাৰৰ গুৰুত্ব বিশ্লেষণ কৰি শ্বমিট অ’চেন ইনষ্টিটিউটৰ কাৰ্যবাহী সঞ্চালক জ্যোতিকা বীৰমানীয়ে কয় যে, “সমুদ্ৰপৃষ্ঠৰ পৰা ২৮০০ মিটাৰতকৈও অধিক গভীৰতাত এখন অক্টোপাছ নাৰ্চাৰী পোৱা গৈছে।”

    গৱেষণাৰ বাবে নিৰ্মিত বিশেষ জলযান "ফেলক'ৰ"ৰ দ্বাৰা সাগৰৰ গভীৰতালৈ গৈছিল বিজ্ঞানীসকলে। বাটত তেওঁলোকে ‘ড’ৰাডো আউটক্ৰ’প’ নামৰ এটা বিশেষ শিলৰ অঞ্চল দেখিলে। ২০১৩ চনত বিজ্ঞানীসকলে এই স্থানত অক্টোপাছৰ কণী দেখিছিল। তেওঁ বুজিলে যে সেই ঠাইখনেই হৈছে অক্টোপাছে কণী পৰা ঠাই। বিজ্ঞানীসকলে এনে দৃশ্য আগতে কেতিয়াও দেখা নাই।


    কিন্তু সেই সময়ত স্পষ্টভাৱে জানিব পৰা নাছিল। অক্টোপাছৰ প্ৰজননৰ বাবে এই অঞ্চলটো সম্ভৱপৰ নে নহয় সেয়া প্ৰশ্নবোধক হৈ উঠিছিল। কাৰণ গভীৰ সাগৰৰ অক্টোপাছে শীতল পৰিৱেশ পছন্দ কৰে। কিন্তু সাগৰৰ সেই অংশত উষ্ণতা তুলনামূলকভাৱে বেছি।

    শেহতীয়াকৈ এক অভিযানত বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে ‘ড’ৰাডো আউটক্ৰ’প’ অক্টোপাছৰ সক্ৰিয় নাৰ্চাৰী। অক্টোপাছৰ জন্মও পৰ্যবেক্ষণ কৰিছে। বিজ্ঞানীসকলে কয় যে ইয়াত অক্টোপাছৰ পৰিয়ালটো মূলতঃ মুছ’কট’পাছ প্ৰজাতিৰ। ইহঁতৰ আকাৰ সৰুৰ পৰা মধ্যমীয়া। বিজ্ঞানীসকলে অনুমান কৰিছে যে এই প্ৰজাতিটো নতুন কিবা এটা হ’ব পাৰে।

    ইমান দিনে সাগৰৰ এই অঞ্চলটো সম্পূৰ্ণ অসুৰক্ষিত আছিল। বিজ্ঞানীসকলে এতিয়া সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে।