• মৃত্যু হ’ল আটাইতকৈ বয়সীয়াল নবেল বঁটা বিজয়ী জন গুডেনাফঃ ৯৭ বছৰ বয়সত নবেল বঁটা লাভ কৰিছিল বিজ্ঞানীজনে

    বিজ্ঞান আৰু প্ৰযুক্তি
    মৃত্যু হ’ল আটাইতকৈ বয়সীয়াল নবেল বঁটা বিজয়ী জন গুডেনাফঃ ৯৭ বছৰ বয়সত নবেল বঁটা লাভ কৰিছিল বিজ্ঞানীজনে
    ডিজিটেল ডেস্কঃ আটাইতকৈ বয়সীয়াল নবেল বঁটা বিজয়ীৰ মৃত্যু হৈছে। তেওঁ হৈছে ২০১৯ চনত ৯৭ বছৰ বয়সত আমেৰিকাৰ বিজ্ঞানী জন গুডেনাফ। আন দুজন বিজ্ঞানীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল তেওঁ।

    লিথিয়াম আয়ন বেটাৰীৰ অন্যতম পথ প্ৰদৰ্শক গুডেনাফৰ কালি মৃত্যু হয়। তেওঁৰ বয়স আছিল ১০০ বছৰ। এই খবৰটো টেক্সাছ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত অৱগত কৰা হৈছে। নব্বৈ বছৰ বয়স হোৱাৰ পিছতো তেওঁ সেই বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। অষ্টিনৰ এখন নাৰ্চিং হোমত গুডেনাফৰ মৃত্যু হয়।

    গুডইনাফ আছিল ৰিচাৰ্জেবল বেটাৰীৰ অন্যতম পথ প্ৰদৰ্শক, যিটো ধৰণৰ লিথিয়াম-আয়ন বেটাৰী, ইলেক্ট্ৰিক গাড়ীৰ পৰা আৰম্ভ কৰি মোবাইল ফোন বা লেপটপলৈকে বেতাঁৰ ইলেক্ট্ৰনিক ডিভাইচ চাৰ্জ কৰিবলৈ প্ৰয়োজনীয়। গুডেনাফে জাপানী বিজ্ঞানী আকিৰা যোছিনো আৰু ব্ৰিটিছ বিজ্ঞানী ষ্টেনলি হুইটিংহামৰ সৈতে গৱেষণা কৰি এই বেটাৰীটো আৱিষ্কাৰ কৰিছিল, যাৰ ফলত পিছলৈ সমগ্ৰ বিশ্বৰ বিকাশ আৰু প্ৰগতিৰ মুখখন সলনি হৈছিল।

    কেৱল উন্নত দেশেই নহয়, অনুন্নত বা উন্নয়নশীল দেশৰ কোটি কোটি লোকো এতিয়া এই তিনিজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বেটাৰীৰ দ্বাৰা উপকৃত হয়। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই তিনিজন বিজ্ঞানীক নোবেল বঁটা প্ৰদান কৰাৰ সময়ত কৈছিল, ‘তেওঁলোকে আচলতে এখন ৰিচাৰ্জযোগ্য পৃথিৱী গঢ়ি তুলিছে’।