• সৌৰ ধুমুহাৰ ইমেজ প্ৰেৰণ কৰিলে আদিত্য এল-১য়ে, ইছৰ’ই মুকলি কৰিলে সূৰ্যৰ বিষয়ে লাভ কৰা নতুন তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    সৌৰ ধুমুহাৰ ইমেজ প্ৰেৰণ কৰিলে আদিত্য এল-১য়ে, ইছৰ’ই মুকলি কৰিলে সূৰ্যৰ বিষয়ে লাভ কৰা নতুন তথ্য
    ডিটিলেড ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) প্ৰেৰণ কৰা আদিত্য এল ১ মহাকাশযানখনে লাভ কৰিছে সূৰ্য্যৰ বিষয়ে নতুন তথ্য। মহাকাশযানখন এতিয়াও লেগ্ৰেঞ্জ পইণ্টৰ দিশে আগবাঢ়িছে। ইফালে মহাকাশযানখনে সৌৰ জুইকুৰাৰ প্ৰথম এক্স-ৰেৰ ছবি প্ৰেৰণ কৰে।

    আদিত্য এল ১ ত আছে এল ১ অৰ্বিটিং এক্স-ৰে স্পেকট্ৰমিটাৰ। ইয়াৰ জৰিয়তে সূৰ্য্যৰ শিখাৰ বিস্ফোৰণৰ এটা পৰ্যায় ধৰা পৰিছে। এই সৌৰজ্বলবোৰ সূৰ্য্যৰ পৃষ্ঠত হোৱা বিস্ফোৰণৰ ফলত সৃষ্টি হয়। এই শিখাই প্ৰধানকৈ এক্স-ৰে আৰু অতিবেঙুনীয়া পোহৰ নিৰ্গত কৰে। সূৰ্য্যৰ বায়ুমণ্ডলত জমা হৈ থকা চুম্বকীয় শক্তি মুক্ত হ’লে সৌৰজ্বল উৎপন্ন হয় বুলি বিশ্বাস কৰা হয়। আদিত্য এল ১ য়ে ২৯ অক্টোবৰত প্ৰায় ১০ ঘণ্টা ধৰি প্ৰথম পৰ্যবেক্ষণ কৰিছিল। এই সৌৰ জুইকুৰাৰ এটা পৰ্যায় তেতিয়া ধৰা পৰিছিল।

    ২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সূৰ্য্যৰ ফালে উৰা মাৰিছিল আদিত্য এল ১। এই অভিযান হৈছে সূৰ্য্য আৰু পৃথিৱীৰ জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱ বুজি পোৱা। আদিত্য-এল১ সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ L1 বিন্দুত উপস্থিত হৈ সূৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰিব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব ১৫ লাখ কিলোমিটাৰ। ইয়াৰ ফলস্বৰূপে বিজ্ঞানীসকলে সূৰ্য্যৰ বিষয়ে বহুতো অজ্ঞাত তথ্য জানিব পাৰিব বুলি আশা কৰা হৈছে। ইছৰোৱে সূৰ্য্যৰ ক’ৰ’না, আলোকমণ্ডল আৰু ক্ৰম’স্ফিয়াৰৰ বিষয়েও বহু অজ্ঞাত তথ্য লাভ কৰিব পাৰে।