• কলমৰ সাঁফৰৰ মূৰত কিয় থাকে ছিদ্ৰ? কি কয় বিজ্ঞানে?

    বিজ্ঞান আৰু প্ৰযুক্তি
    কলমৰ সাঁফৰৰ মূৰত কিয় থাকে ছিদ্ৰ? কি কয় বিজ্ঞানে?
    ডিজিটেল ডেস্কঃ আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায় সকলোবোৰতে বিজ্ঞান জড়িত। পাম্প, ৱাটাৰ পিউৰিফায়াৰ, ফেন, হিটাৰ, গিজাৰ, এয়াৰ কণ্ডিচনাৰ আদি ঘৰ নিৰ্মাণৰ বাবে ঘৰত ব্যৱহৃত ৰড, চিমেণ্ট, পেইণ্ট বা বৈদ্যুতিক সঁজুলি হওক সকলোবোৰৰ মূলতে বিজ্ঞান।

    কলমৰ সাঁফৰো ইয়াৰ ব্যতিক্ৰম নহয়। বেছিভাগ কলমৰ সাঁফৰৰ মূৰত এটা ছিদ্ৰ দেখা যায়। ইয়াৰ আঁৰত লুকাই আছে এনে এক বিজ্ঞান চেতনা যি সাধাৰণতে মনলৈ নহাটোৱে স্বাভাৱিক।

    কলমৰ সাঁফৰত মুখ্যতঃ দুটা কাৰণত ছিদ্ৰ থাকে। যদি কোনোবাই দুৰ্ঘটনাক্ৰমে কলমৰ মুখা গিলি পেলায়, তেন্তে শ্বাসনলীত সেই মুখাৰ প্ৰৱেশে এক ডাঙৰ বিপদ ঘটাব পাৰে। আনকি ইয়াৰ বাবে ব্যক্তিজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে!

    শুনিবল আচহুৱা যেন লাগিলেও, এক সমীক্ষা অনুসৰি প্ৰতি বছৰে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত শ শ লোকৰ মৃত্যু হয় কলমৰ সাঁফৰ গিলা বাবে। শিশুসকলৰ ক্ষেত্ৰত কলমৰ সাঁফৰে বিপদ ঘটোৱাৰ আশংকা অধিক।  কলমৰ সাঁফৰত ছিদ্ৰ থাকিলে অলপ হ’লেও বায়ু সঞ্চালন বজাই ৰাখে। ফলস্বৰূপে, কোনোবাই কলমৰ সাঁফৰ গিলিলেও চিকিৎসাৰ বাবে পৰ্যাপ্ত সময় থাকে।

    ইয়াৰোপৰি, কলমৰ পৰা ওলাই অহা চিয়াহী, বায়ু চলাচল কৰি থাকিলে ই নাইকিয়া নহয়। ইয়াৰোপৰি, সাঁফৰত ফুটা থাকিলে শ্বাসনলীত ৰৈ যোৱাৰ পাছত উলিয়াবলৈ সুবিধাজনক।