ডিজিটেল ডেস্কঃ মাইক্ৰ’ছফ্ট আৰু এপল। বিশ্বৰ বজাৰত এই দুটা প্ৰতিযোগী আই টি কোম্পানীও বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী দুটা। কিন্তু প্ৰায় ২৭ বছৰ পূৰ্বে ষ্টিভ জবছৰ এপল সংকটত ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল বিল গেটছৰ মাইক্ৰ’ছফটে।
এপলৰ মূৰৰ পৰা ঋণৰ বোজা আঁতৰোৱাত সহায় কৰে মাইক্ৰ’চ’ফটে। সেই সময়ত মাইক্ৰ’ছফটে সহায়ৰ হাত আগ নবঢ়োৱা হ’লে, তেন্তে বছৰ বছৰ ধৰি উন্নত মোবাইল আৰু লেপটপ নিৰ্মাণ কৰাটো দূৰৰ কথা, এপলে এদিন মূৰ তুলিব নোৱাৰিলেহেঁতেন।
মাইক্ৰ’ছফ্ট আৰু এপল - এই দুটা কোম্পানীয়ে এবছৰৰ ভিতৰতে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰে। ১৯৭৫ চনৰ ৪ এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছিল মাইক্ৰ’ছফ্ট। আনহাতে, ১৯৭৬ চনৰ ১ এপ্ৰিলত এপলৰ সৃষ্টি হৈছিল।
কম সময়ৰ ভিতৰতে দুয়োটা আই টি কোম্পানীয়ে বজাৰত সুনাম গঢ়ি তুলিছিল। ইয়াৰ পিছত তেওঁলোকৰ এক নম্বৰ হোৱাৰ দৌৰ আৰম্ভ হ’ল। শীৰ্ষত উপনীত হোৱাৰ অভিযানত দুয়োটা সংগঠনে ইটোৱে সিটোৰ প্ৰতি ভ্ৰুকুটিও কৰিবলৈ এৰা নাছিল। ইজনে সিজনৰ লগত আইনী বিবাদতো জড়িত হৈ পৰিছিল সংগঠন দুটা।
কিন্তু তাৰ পিছতো মাইক্ৰ’ছফ্টেই এপলক ৰক্ষা কৰিছিল। সৰু, কম জটিল আৰু কম খৰচী কম্পিউটাৰ নিৰ্মাণৰ লক্ষ্যৰে ১৯৭৬ চনত এপলে বজাৰত প্ৰৱেশ কৰে। মাত্ৰ চাৰি বছৰতে অৰ্থাৎ ১৯৮০ চনত এই কোম্পানীটোৱে বিশ্বৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰে।
এপলৰ নামকৰণৰ আঁৰৰ মূল মগজু আছিল জবছ। কিন্তু কোম্পানীটোৰ ব’ৰ্ড আৰু তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জন স্কালিৰ সৈতে দীৰ্ঘদিনীয়া ক্ষমতাৰ সংগ্ৰামৰ অন্তত ১৯৮৫ চনত জবছে এপল এৰি দিয়ে। ইয়াৰ পিছত এপল ভাঙি পৰিল। নতুন প্ৰযুক্তি সৃষ্টি কৰাত ব্যৰ্থ হ’ল। একে সময়তে সেই কোম্পানীটোৱে কৰা কম্পিউটাৰটোৰ বিষয়ে ইটোৰ পিছত সিটো অভিযোগ আহিল।
১৯৮৬ চনৰ শেষলৈকে বৰ্তমানৰ বজাৰ মূল্যত এপলে বজাৰত সাত হাজাৰ কোটি টকাৰো অধিক লোকচান কৰিছিল। কোম্পানীটোৱে দেউলীয়া হোৱাৰ সীমাত উপনীত হ’ল। তেতিয়াই মাইক্ৰ’ছফটে এপলক উদ্ধাৰ কৰিবলৈ আহিছিল। মাইক্ৰ’ছফটে ৰাতিটোৰ ভিতৰতে এপলৰ হাজাৰ হাজাৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। গেটছেও এই শ্বেয়াৰ তিনি বছৰ ধৰি ৰাখি বিক্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই হিচাপে ২০০৩ চনত গেটছে এই শ্বেয়াৰ বিক্ৰী কৰিছিল।
কিন্তু গেটছ এপলৰ প্ৰতি ইমান উদাৰ কিয় আছিল? বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এপলে পূৰ্বতে মাইক্ৰ’ছফ্টৰ বিৰুদ্ধে ধনৰ বিনিময়ত এটা গোচৰ উঠাই লৈছিল। আৰু সেইবাবেই গেটছ এপলৰ ত্ৰাণকৰ্তা হিচাপে আবিৰ্ভাৱ হৈছিল।
আকৌ বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গেটছে এপলক নিজৰ আখেজ পুৰাবলৈকে সহায় কৰিছিল। টকাৰে শ্বেয়াৰ ক্ৰয় কৰাৰ পৰিৱৰ্তে গেটছে গেটছৰ মাইক্ৰ’ছফ্ট কোম্পানীৰ চাৰ্চ ইঞ্জিন ইন্টাৰনেট এক্সপ্ল’ৰাৰক এপলৰ কম্পিউটাৰত লগাবলৈ চেষ্টা কৰিছিল।
আৰু কিছুমান মানুহৰ মতে দীৰ্ঘদিন ধৰি "আমেৰিকান ন্যায় বিভাগে" গেটছৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰি আছিল। তেওঁলোকে দাবী কৰিছিল যে ‘ইণ্টাৰনেট এক্সপ্ল’ৰাৰ’ বিনামূলীয়াকৈ আৰম্ভ কৰা হৈছিল আই টি বজাৰত একচেটিয়া অধিকাৰ কৰি আন এটা প্ৰতিদ্বন্দ্বী কোম্পানী নেটস্কেপক ভাঙি পেলোৱাৰ বাবে।
‘আমেৰিকান ন্যায় বিভাগে’ মাইক্ৰ’ছফ্টৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰাৰ খবৰটোও গেটছৰ লগত আছিল। মাইক্ৰ’ছফটে যে বজাৰ একচেটিয়া কৰিবলৈ চেষ্টা কৰা নাই সেই কথা প্ৰমাণ কৰিবলৈ গেটছে এপলত ধন ঢালি দিলে।
১৯৯৭ চনত জবছে এপললৈ ঘূৰি আহে। এপলে পুনৰ সফলতাৰ জখলা বগাবলৈ আৰম্ভ কৰিলে। জবছে এবাৰ কোম্পানীটোৰ এটা অনুষ্ঠানত এপলক দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে গেটছক ধন্যবাদ জনাইছিল।
Leave A Comment