• সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ড°ঐশ্বন্যা শৰ্মাৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ড°ঐশ্বন্যা শৰ্মাৰ
    ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই  কাইলৈ মহাকাশলৈ সূৰ্য অভিমুখে উৎক্ষেপণ কৰিবলগীয়া আদিত্য এল-১ ৰ লগত জড়িত আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল'বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে  নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড°ঐশ্বন্যা শৰ্মাক। আদিত্য এল-১ ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope)  এ সংগ্ৰহ কৰি পঠিয়াব লগীয়া তথ্যৰ পৰা সূৰ্য্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ  বিষয়ে তেওঁ অধ্যয়ন কৰিব।ড° শৰ্মাই ২০১৫ চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দূর্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানতো কৰ্মৰত।