• অব্যাহত ইছৰোৰ বিজ্ঞানীৰ সফলতাঃ শ্ৰীহৰিকোটাৰ পৰা সফলতাৰে উৎক্ষেপিত চন্দ্ৰযান-৩

    বিজ্ঞান আৰু প্ৰযুক্তি
    অব্যাহত ইছৰোৰ বিজ্ঞানীৰ সফলতাঃ শ্ৰীহৰিকোটাৰ পৰা সফলতাৰে উৎক্ষেপিত চন্দ্ৰযান-৩
    ডিজিটেল ডেস্কঃ ভাৰতে চন্দ্ৰত উপনীত হোৱাৰ দিশত আৰু এখোজ আগবঢ়াইছে। ভাৰতৰ তৃতীয়খন চন্দ্ৰযান শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। কাউণ্টডাউনৰ পাছত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰি মহাকাশলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত ভাৰতে এতিয়া বিশ্বৰ ভিতৰতে এটা ডাঙৰ অভিলেখ অৰ্জন কৰাৰ অতি ওচৰ চাপিছে। চন্দ্ৰযান-৩ যদি চন্দ্ৰৰ পৃষ্ঠত নিৰাপদ অৱতৰণ কৰে, তেন্তে ভাৰতক বিশ্বৰ নিৰ্বাচিত দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে এই কৃতিত্ব অৰ্জন কৰিছে।

    ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ হৈ এই উৎক্ষেপণৰ বিষয়ে জনোৱা হৈছিল যে তৃতীয় চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-৩’ হৈছে ২০১৯ চনৰ ‘চন্দ্ৰযান-২’ৰ অনুসৰণমূলক অভিযান। ভাৰতৰ এই তৃতীয় চন্দ্ৰ অভিযানতো মহাকাশ বিজ্ঞানীসকলে চন্দ্ৰৰ পৃষ্ঠত লেণ্ডাৰৰ ‘স্থিৰ অৱতৰণ’ৰ লক্ষ্য ৰাখিছে। ‘চন্দ্ৰযান-২’ অভিযানৰ সময়ত অন্তিম মুহূৰ্তত লেণ্ডাৰ ‘বিক্ৰম’ই পথ বিচ্যুতিৰ বাবে ‘স্থিৰ অৱতৰণ’ কৰিব পৰা নাছিল। ক্ৰেচ লেণ্ডিঙৰ বাবে এই অভিযান সফল নহ’ল।


    ‘চন্দ্ৰযান-৩’ কাৰ্যসূচীৰ অধীনত ইছৰ’ই নিজৰ মুন মডিউলৰ সহায়ত চন্দ্ৰপৃষ্ঠত ‘স্থিৰ অৱতৰণ’ আৰু চন্দ্ৰ ভূখণ্ডত ৰভাৰৰ খোজৰ প্ৰদৰ্শন কৰি নতুন সীমা অতিক্ৰম কৰিবলৈ ওলাইছে। ইছৰোৰ অভিলাষী ‘চন্দ্ৰযান-৩’ক পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰলৈ যাত্ৰাত লৈ গৈছে LVM3M4 ৰকেটে। এই ৰকেটৰ নাম আগতে GSLVMK3 আছিল। গধুৰ সামগ্ৰী কঢ়িয়াব পৰা ক্ষমতাৰ বাবে মহাকাশ বিজ্ঞানীসকলেও ইয়াক ‘ফেট বয়’ বুলি অভিহিত কৰে।

    ইছৰোৰ বিজ্ঞানীসকলৰ মতে সকলো ঠিকে থাকিলে আগষ্ট মাহৰ শেষৰ ফালে যানখনে চন্দ্ৰত অৱতৰণ কৰিব। ইয়াৰ ২৫.৩০ ঘণ্টীয়া কাউণ্টডাউন ১৩ জুলাই বৃহস্পতিবাৰে দুপৰীয়া ১:০৫ বজাৰ পৰা আৰম্ভ হৈছিল। ইয়াৰ পাছত আজি চন্দ্ৰযান-৩ ৰ উৎক্ষেপণ কৰা হয়।