• ইণ্টাৰনেট সংযোগ অবিহনেই চাব পাৰি ইউটিউবৰ ভিডিঅ’, কিন্তু কেনেকৈ?

    বিজ্ঞান আৰু প্ৰযুক্তি
    ইণ্টাৰনেট সংযোগ অবিহনেই চাব পাৰি ইউটিউবৰ ভিডিঅ’, কিন্তু কেনেকৈ?
    ডিজিটেল ডেস্কঃ বৰ্তমান বিশ্বৰ জনপ্ৰিয় ভিডিঅ’ প্লেটফৰ্ম বুলি ক’লেই মনলৈ আহে ইউটিউবৰ কথা। প্ৰতিদিনে ইউটিউব প্লেটফৰ্মত লক্ষ লক্ষ ভিডিঅ' সংযোগ কৰা হয়। এতিয়া কেৱল মনোৰঞ্জনৰ বাবেই নহয়, নিজস্ব সমল সৃষ্টিৰে ইউটিউবৰ পৰা ধন উপাৰ্জনো কৰিব পাৰি। ইউটিউবত ভিডিঅ' চাবলৈ হ’লে প্ৰয়োজন হয় হাইস্পীড ইণ্টাৰনেটৰ। কিন্তু আপুনি যদি বিচাৰে তেতিয়া ইণ্টাৰনেট অবিহনেই ইউটিউবৰ ভিডিঅ’ অফলাইন উপভোগ কৰিব পাৰে।

    ইণ্টাৰনেট সংযোগ অবিহনে ইউটিউবৰ ভিডিঅ' অফলাইন চোৱাটো এতিয়াৰে পৰা সম্ভৱ। এই সুবিধা লাভৰ বাবে অতিৰিক্ত এপ ডাউনলোড কৰাৰো কোনো প্ৰয়োজন নাই। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে অফিচিয়েল ইউটিউব এপৰ পৰাই অফলাইনতে প্ৰায় সকলো ভিডিঅ' চোৱাৰ সুযোগ লাভ কৰিব।

    কেনেকৈ ইণ্টাৰনেট সংযোগ অবিহনে ইউটিউবত ভিডিঅ’ চাব পাৰিঃ

    পৰ্যায়-১: প্ৰথমে ফোনৰ ইউটিউব এপ অ’পেন কৰক।

    পৰ্যায়-২: হোম পেজৰ সোঁফালে ওপৰৰ ফালে থকা ছাৰ্ছ আইকনত ক্লিক কৰক।

    পৰ্যায়-৩: এইবাৰ যিটো ভিডিঅ’ অফলাইনত চাবলৈ বিচাৰিছে সেই ভিডিঅ’টো ছাৰ্ছ কৰক। 

    পৰ্যায়-৪: ভিডিঅ’ ষ্ট্ৰিমিং আৰম্ভ হ’লেই তলত থকা ডাউনলোড আইকনত ক্লিক কৰক।

    পৰ্যায়-৫: ডাউনলোড কৰিব বিচৰা ভিডিঅ’ৰ কোৱালিটী নিৰ্ধাৰণ কৰক।