• বহু সময় ধৰি অচল ফেচবুক-ইনষ্টাগ্ৰাম... মাৰ্ক জুকাৰবাৰ্গ আৰু অনন্ত আম্বানীৰ বিষয়ে চৰ্চা একাংশৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    বহু সময় ধৰি অচল ফেচবুক-ইনষ্টাগ্ৰাম...  মাৰ্ক জুকাৰবাৰ্গ আৰু অনন্ত আম্বানীৰ বিষয়ে চৰ্চা একাংশৰ
    ডিজিটেল ডেস্কঃ হঠাৎ সৰ্বত্ৰ হাহাকাৰ৷কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰিল দুই ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠান৷স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিল ফেচবুক‌, ইনষ্টাগ্ৰাম৷তাৰ মাজতে উৎকণ্ঠাৰ মাজত ৰৈ গ’ল বিশ্ববাসী৷মেটা প্লেটফৰ্ম্‌ছৰ দুই প্ৰতিষ্ঠান ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ‘Server down’ৰ বাবে হ’ল এই বিৰল অভিজ্ঞতা৷অলপ সময়ৰ বাবে স্তব্ধ হৈ পৰিল দুই সামাজিক মাধ্যমৰ ব্যৱহাৰ৷


    তাৰ মাজত টিপ্পনী কৰিছে বিভিন্নজন নেটিজেনে৷একাংশই মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানত ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ উপস্থিতিক হাস্যৰসিকভাৱে উপস্থাপন কৰে৷


    আপোনাৰ আজি এই বিৰল অভিজ্ঞতা কেনে লাগিল৷জনাওক আমাক কমেণ্টত৷