• চন্দ্ৰত গাড়ী! এতিয়াৰে পৰা গাড়ী ভাড়া কৰিব পাৰিব চন্দ্ৰত...জানক সৱিশেষ

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰত গাড়ী! এতিয়াৰে পৰা গাড়ী ভাড়া কৰিব পাৰিব চন্দ্ৰত...জানক সৱিশেষ
    ডিজিটেল ডেস্কঃ আমি যেতিয়া নতুন স্পট এটালৈ যাওঁ, তেতিয়া আমি প্ৰথমে চিন্তা কৰোঁ যে সেই ঠাইলৈ যাবলৈ হ’লে গাড়ী ভাড়াত পাম নে নাই? চন্দ্ৰলৈ যাবলগীয়া হ’লেও মনৰ মাজত এনে চিন্তাৰ  অংকুৰণ ঘটাটো কোনো অস্বাভাৱিক কথা নহয়। এনে কথাবোৰৰ প্ৰতি গুৰুত্ব ৰাখিয়েই ভৱিষ্যতে এটা কোম্পানীয়ে চন্দ্ৰত ভাড়া গাড়ীৰ ব্যৱস্থা কৰিবলৈ ওলাইছে।

    আমেৰিকাৰ গাড়ী নিৰ্মাতা জেনেৰেল মটৰ্ছ আৰু এৰোস্পেচ, মিলিটাৰী আৰু প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা লকহিড মাৰ্টিনে যৌথভাৱে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ গাড়ী যিখন বাহন মহাকাশচাৰীসকলে চন্দ্ৰত ভাড়াত ল’ব পৰাকৈ উপলব্ধ হ’ব। এই বাহনখনে মহাকাশচাৰী আৰু তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী চন্দ্ৰলৈ লৈ যোৱাত সহায়ক হ’ব বুলিও জনাইছে নিৰ্মাণ কোম্পানীটোৱে।

    কোম্পানী দুটাই সদৰী কৰা মতে, চন্দ্ৰপৃষ্ঠত নেভিগেট কৰাৰ বাবে প্ৰয়োজনীয় সকলো বাহন উপযোগী কৰি তোলাৰ বাবে কাম কৰি আছে। মহাকাশ পৰ্যটনৰ সৈতে বাণিজ্যিকভাৱে কাম কৰিবলৈ আগ্ৰহী সংস্থা যেনে স্পেচএক্স বা ব্লু অৰিজিনৰ বাবেও এই বাহনসমূহ উপযোগী হ’ব। ইয়াৰোপৰি নাছাই ইচ্ছা কৰিলে এই গাড়ীখন ভাড়াতো দিব পাৰিব বুলি জানিবলৈ পোৱা গৈছে।

    সৌৰশক্তিৰ সহায়ত চন্দ্ৰত চলিব এই গাড়ীসমূহ। ২০২৫ চনৰ পৰা আৰম্ভ হ’ব মানুহক চন্দ্ৰলৈ লৈ যোৱাৰ এই নৱতম অভিযান। অৱশ্যে, এই অভিযানৰ পূৰ্বে চন্দ্ৰত সাজু হ’ব ‘লুনাৰ মবিলিটি ভেহিকেল’ নামৰ এখন বিশেষ বাহন চন্দ্ৰত থাকিব বুলি জেনেৰেল মটৰ্ছ আৰু লকহিড মাৰ্টিনে প্ৰকাশ কৰিছে।