• অমন পাণ্ডেই ধৰা পেলালে গুগলৰ ২৩২টা ত্ৰুটি! গুগলে পুৰস্কাৰ দিলে ৬৫ কোটি টকা

    বিজ্ঞান আৰু প্ৰযুক্তি
    অমন পাণ্ডেই ধৰা পেলালে গুগলৰ ২৩২টা ত্ৰুটি! গুগলে পুৰস্কাৰ দিলে ৬৫ কোটি টকা

    ডিজিটেল ডেস্কঃ ভাৰতৰ এগৰাকী যুৱ অভিযন্তাই গুগলৰ পৰা লাভ কৰিলে ৬৫ কোটি টকাৰ পুৰস্কাৰ। কিহৰ বাবে গুগলে যুৱ অভিযন্তাগৰাকীক যাঁচিলে এই বিশাল পৰিমাণৰ ধনৰাশি? দৰাচলতে ইন্দোৰৰ চাইবাৰ সুৰক্ষা গৱেষক তথা Bugsmirror প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অমন পাণ্ডেই গুগলৰ এণ্ড্ৰইডত ২৩২ টা ত্ৰুটি বিচাৰি পাইছিল। এই ত্ৰুটিসমূহৰ বিষয়ে গুগলক অৱগত কৰে অমনে। গুগলে সেইবাবেই অমন পাণ্ডেক ৬৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰে।

    অমন পাণ্ডেই

    তেওঁ ২০১৯ চনৰ পৰা গুগলৰ ত্ৰুটিবোৰ অন্বেষণ কৰি গুগলক ৰিপৰ্ট দি আহিছিল। গুগলে যোৱা বছৰ ২০২১ চনত ইয়াৰ দুৰ্বলতা পুৰস্কাৰ কাৰ্যসূচীৰ অধীনত অমন পাণ্ডেক শীৰ্ষ গৱেষক হিচাপে ঘোষণা কৰি ৬৫ কোটি টকাৰ পুৰস্কাৰ দিয়ে। অমন পাণ্ডে ইন্দোৰৰ বাসিন্দা। তেওঁ এনআইটি ভূপালৰ পৰা বিটেকত স্নাতক ডিগ্ৰী লাভ কৰিছিল।তেওঁ মোবাইল এপ বিকাশ, জাভা, ছফ্টৱেৰ আৰু সামগ্ৰী বিকাশৰ বিশেষজ্ঞ।

    গুগলৰ পুৰস্কাৰ

    তেওঁ প্ৰায় চাৰি বছৰ ধৰি চাইবাৰ সুৰক্ষা গৱেষণাৰ ওপৰত কাম কৰি আছে। তেওঁ মানুহক চাইবাৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে বাগমিৰ নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল।

    আৰু পঢ়কঃ দুটা মূৰ, তিনিখন হাত! এগৰাকী প্ৰসূতিয়ে জন্ম দিলে এটি আজৱ শিশু