ডিজিটেল ডেস্ক: মৌমাখিৰ দংশন বৰ বেদনাদায়ক। বহুতো মৌমাখি (Honeybee) ইমানেই বিষাক্ত যে কেতিয়াবা মানুহ অজ্ঞান হৈ পৰে। এই মৌমাখিৰ ষ্টিং অৰ্থাৎ শুঁং অতি ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰি। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মৌমাখিৰ বৃহৎ জাক এটাই ১০০ ভল্টৰ পৰা ১০০০ ভল্টলৈকে বিদ্যুৎ উৎপাদন কৰিব পাৰে। iScience Journal ত প্ৰকাশিত ব্রিষ্টল বিশ্ববিদ্যালয়ৰ (Bristol University) গৱেষণাৰ মতে মৌমাখিৰ এটা জাকে বৈদ্যুতিক আধান উৎপন্ন কৰে যাক বৈদ্যুতিক প্রবাহলৈ ৰূপান্তৰিত কৰিব পাৰি।
এই গৱেষণাত কাম কৰা বিজ্ঞানী এলাৰ্ড হান্টিঙে কয় যে তেওঁৰ দলটোৱে পৰিৱেশত স্থিতিশীল বৈদ্যুতিক ক্ষেত্ৰ ব্যৱহাৰ কৰা এনে জীৱৰ বিষয়ে গৱেষণা কৰি আছিল। এনে বৈদ্যুতিক ক্ষেত্ৰই কেৱল বতৰত প্ৰভাৱ পেলোৱাই নহয় খাদ্যকে ধৰি বহু কামত জীৱক সহায় কৰে। উদাহৰণস্বৰূপে, ফুলতো এক প্ৰকাৰৰ বৈদ্যুতিক ক্ষেত্ৰ থাকে যিটো মৌমাখিয়ে অনুভৱ কৰে। এইমতে মৌমাখিয়ে জানে যে কোন পাহ ফুললৈ মৌমাখি আহিছে বা নাই অহা।
এই গৱেষণাত কেমেৰাৰ সহায়ত মৌমাখিৰ জাকটোৰ সোঁত জুখি আৰু বৈদ্যুতিক ক্ষেত্ৰ নিৰীক্ষণ কৰা হৈছিল। এটা জাকত ১২ হাজাৰৰো অধিক মৌমাখি আছিল। গৱেষণাৰ মতে প্ৰায় ৩ মিনিটমান মৌমাখিৰ ট্ৰেক কৰা হৈছিল। এই সময়ছোৱাত এই জাকটোৱে প্ৰায় ১০০ৰ পৰা ১০০০ ভল্টৰ কাৰেণ্ট উৎপন্ন কৰি আছিল। গৱেষকসকলে কয় যে জাকটো ডাঙৰ হ’লে এই সোঁত আৰু বেছি হ’ব পাৰে।
কিন্তু বৰ্তমান সময়ত সৃষ্টি হোৱা কাৰেণ্টক এইদৰে ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। বিজ্ঞানীসকলৰ মতে ইয়াক এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিলেও ভৱিষ্যতে ইয়াৰ দ্বাৰা আন বহু ক্ষেত্ৰত গৱেষণাৰ প্ৰসাৰ ঘটিব পাৰে।
Leave A Comment