• পৃথিৱীৰ পৰা ৯.২ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে আদিত্য-এল ১ মহাকাশযানে, পঠিয়াইছে সূৰ্যৰ তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    পৃথিৱীৰ পৰা ৯.২  লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে  আদিত্য-এল ১  মহাকাশযানে, পঠিয়াইছে সূৰ্যৰ তথ্য
    ডিজিটেল ডেস্কঃ চন্দ্ৰ বিজয়ৰ পিছত এইবাৰ সূৰ্য অভিযান আৰম্ভ কৰিলে ভাৰতে৷   চন্দ্ৰযান ৩-ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই  সূৰ্য অভিমুখে প্ৰেৰণ কৰে  আদিত্য এল১ যান৷

     ইছৰ’ৰ  ইতিহাস নতুন নজিৰ সৃষ্টি কৰি  যান খনে সফলতাৰে সূৰ্য অভিমুখে যাত্ৰা কৰে৷  মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ২ ছেপ্টেম্বৰৰ দিনৰ  ১১-৫০ বজাত এটা পিএছএলভি ৰকেটত মহাকাশলৈ  প্ৰেৰণ কৰা হয়৷ আদিত্য-এল১  মহাকাশযানে পৃথিৱীৰ পৰা ৯.২  লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)  কয় যে ভাৰতৰ সৌৰ অভিযান মহাকাশযান আদিত্য-এল১-এ পৃথিৱীৰ পৰা ৯.২ লাখ কিলোমিটাৰ দূৰলৈ গুছি গৈছে।

    যান খনে সফলতাৰে পৃথিৱীৰ সকলো ক্ষেত্ৰৰ প্ৰভাৱৰ  পৰা মুক্ত হৈ গতি কৰি আছে। যান খনে  এতিয়া সূৰ্য-পৃথিৱীৰ লাগ্ৰেঞ্জ পইণ্ট ১ (এল১)ৰ দিশে আগবাঢ়িছে। পূৰ্বে  ইছৰোৱে কৈছিল যে আদিত্য-এল১  সৌৰ মিছন মহাকাশযানে সূৰ্যৰ  তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছে ।  ভাৰতৰ প্ৰথম সূৰ্য অভিযান ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আৰম্ভ  কৰা হৈছিল। যান খনে  কমেও ১২৭ দিনৰ বাবে সূৰ্যৰ কক্ষপথৰ দিশে   আগবাঢ়িব। 

    আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিব। ইয়াৰ পিছতে যান খনে  সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ'ব। তাত উপস্থিত হোৱাৰ পিছত যান খনে  এল১  পইণ্টৰ পৰা সূৰ্যৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব। মাধ্যাকৰ্ষণ, সূৰ্যৰ পোহৰৰ শক্তিকে ধৰি বিভিন্ন বিষয়ত যান খনে পৰীক্ষা কৰিব৷ উল্লেখ্য  এয়া হৈছে   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান ।ইছৰোৰ মহাকাশযানখনে  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ প্ৰেৰণ যাত্ৰা কৰিব ।  

    আদিত্য এল১ মহাকাশযানখনে বিদ্যুত চুম্বকীয় কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰমমণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিছে। ইয়াৰে  চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰি যাব।  বাকী তিনিটা পেলোডে  বিদ্যুত চুম্বকীয় কণাৰ বিষয়ে অধ্যয়ন চলাব। এই যান খনে সৌৰ ধুমুহাৰ প্ৰভাৱৰ কথাও পৰ্যালোচনা কৰিব।