• আজি আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস; আৰ্মষ্ট্ৰং-এলড্ৰিনে চন্দ্ৰত কিমান সময় কটাইছিল জানেনে?

    বিজ্ঞান আৰু প্ৰযুক্তি
    আজি আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস; আৰ্মষ্ট্ৰং-এলড্ৰিনে চন্দ্ৰত কিমান সময় কটাইছিল জানেনে?
    ডিজিটেল ডেস্কঃ চন্দ্ৰত মানুহে খোজ পেলোৱা আজি ৫০ বছৰ পাৰ হৈ গ’ল৷ মানৱ প্ৰতিনিধি হিচাপে চন্দ্ৰত উপনীত হয়-নীল আৰ্মষ্ট্ৰং, বাজ এলড্ৰিন, মাইকেল কলিন্স। মানৱতাৰ এই বিশেষ দিনটোকো ৰাষ্ট্ৰসংঘই দিছে বিশেষ স্বীকৃতি। ২০ জুলাই দিনটো আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই।

    ইতিহাসত সন্নিবিষ্ট তথ্য অনুসৰি, আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে প্ৰায় ২১ ঘণ্টা সময় চন্দ্ৰপৃষ্ঠত কটাইছিল। মাইকেল কলিন্সে তেতিয়া প্ৰদক্ষিণ কৰি আছিল চন্দ্ৰক। আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে চন্দ্ৰপৃষ্ঠৰ পৰা উঠি কলিন্সৰ সৈতে যোগদান কৰি পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিছিল।তেওঁলোকে  প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছিল। মহাকাশত ৮ দিন কটোৱাৰ পিছত ১৯৬৯ চনৰ ২৪ জুলাইত নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল সজাতি দলটো।

    ১৯৬৯ চনৰ ২০ জুলাই অৰ্থাৎ আজিৰ দিনটোতে মানুহে প্ৰথম চন্দ্ৰত ভৰি থৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাৰ এপ’ল’-১১ মহাকাশযানৰ ‘ঈগল লুনাৰ মডিউল’ত উঠি যাত্ৰা কৰিছিল তেওঁলোকে। সেই হিচাপে আজি চন্দ্ৰজয়ৰ ৫৩ বছৰ। ১৯৬৯ চনৰ ১৬ জুলাইত ফ্ল’ৰিডাৰ কেপ কানাভেৰালত থকা লঞ্চ-পেডৰ পৰা চেটাৰ্ণ ভি-ৰকেটৰ সহায়ত এপ’ল’ ১১ চন্দ্ৰ অভিযানৰ আৰম্ভণি কৰা হৈছিল।