• ১৫ নিযুত বছৰ আগতে পৃথিৱীৰ পৰা হেৰাই যোৱা বুলি ধাৰণা কৰা বিশেষ প্ৰজাতিৰ মেকুৰী পুনৰ দেখা গ’ল স্পেইনত!

    বিজ্ঞান আৰু প্ৰযুক্তি
    ১৫  নিযুত বছৰ আগতে পৃথিৱীৰ পৰা হেৰাই যোৱা বুলি ধাৰণা কৰা বিশেষ প্ৰজাতিৰ মেকুৰী পুনৰ দেখা গ’ল স্পেইনত!
    ডিজিটেল ডেস্কঃ ধাৰণা কৰা হৈছিল যে সেই বিশেষ প্ৰজাতিৰ মেকুৰীবিধ ১৫ নিযুত বছৰ পূৰ্বেই পৃথিৱীৰ পৰা হেৰাই গৈছিল। কিন্তু শেহতীয়াকৈ স্পেইনৰ বিজ্ঞানীসকলে সেইবিধ মেকুৰীৰে  এবিধ  নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে।

    এই প্ৰজাতিটোৱে  প্ৰায় ১৫.৫ নিযুত বছৰ আগতে পৃথিৱীত বাস কৰিছিল বুলি ধাৰণা কৰা হৈছিল।

    স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়ৰ গৱেষকসকলে মাদ্ৰিদ চহৰৰ ওচৰত পোৱা জন্তুৰ হাড়ৰ ওপৰত ভিত্তি  কৰি নতুন প্ৰজাতিৰ মেকুৰীবিধ চিনাক্ত কৰিবলৈ সক্ষম হৈছে। 

    নতুন প্ৰজাতিৰ মেকুৰী বিধৰ নাম হৈছে মেগেৰিফেলিছ পেইগনেই । বিজ্ঞানীসকলে ধাৰণা কৰিছে যে  মেগেৰিফেলিছ পেইগনেই নামৰ এই মেকুৰীবিধে  "চিকাৰ কৰোঁতে শক্তিশালী দাঁত" ব্যৱহাৰ কৰিছিল। এনে মেকুৰীয়ে প্ৰথমে চিকাৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল আৰু তাৰ পিছত ভক্ষণ কৰিছিল। 

    গৱেষকসকলে বিশ্বাস কৰে যে মেকুৰীবিধে  দক্ষিণ পশ্চিম ইউৰোপৰ স্থানীয় প্ৰাণী  আইবেৰিয়ান লিংক্সৰ দৰেই আচৰণ কৰিলেহেঁতেন। আইবেৰিয়ান লিংক্স বৰ্তমান এক বিপদাপন্ন প্ৰজাতি। 
     গৱেষক ড০ চিলিচিঅ'ই কয় , "আমি এটা  হনু উদ্ধাৰ কৰিছিলো,  য’ত প্ৰায় সকলো বোৰ দাঁত অক্ষত অৱস্থাত আছিল।" সেই হনুৰ অধ্যয়নৰ পৰাই নতুনকৈ পোৱা মেকুৰী বিধ প্ৰায় ১৫ নিযুত বছৰ আগতে পৃথিৱীৰ পৰা হেৰাই যোৱা মেকুৰী বিধেই হ’ব বুলি বিজ্ঞানীসকল এক প্ৰকাৰ নিশ্চিত হৈছে।