• ৰঙা গ্ৰহ মঙলত পানী! নাছাৰ বিজ্ঞানীৰ দাবীৰ পাছতে অনুসন্ধিৎসাৰ নতুন বাট

    বিজ্ঞান আৰু প্ৰযুক্তি
    ৰঙা গ্ৰহ মঙলত পানী! নাছাৰ বিজ্ঞানীৰ দাবীৰ পাছতে অনুসন্ধিৎসাৰ নতুন বাট
    ডিজিটেল ডেস্ক: ৰঙা গ্ৰহ মঙলত পানীৰ অৱস্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে৷ এই দাবী মাৰ্কিন মহাকাশ সংস্থা NASAৰ৷ NASAৰ মতে মঙলৰ গৰ্ভৰ ৬৫ ফুট তলত সম্ভেদ পোৱা গৈছে পানীৰ অৱস্থিতিৰ৷ ৰঙা গ্ৰহটোলৈ ২০২১ বৰ্ষত নাছাই প্ৰেৰণ কৰিছিল এক বিশেষ মহাকাশযান৷ 

    যাৰ জৰিয়তে মঙলত অৱতৰণ কৰিছিল নাছাৰ ৰ’ভাৰ পাৰ্চিভাৰেন্সে৷ মঙলগ্ৰহত জীৱৰ অৱস্থিতি সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছিল ৰ’ভাৰখনক৷ কিন্তু জীৱৰ অৱস্থিতি এইমুহূৰ্তলৈ ধৰা পেলাব নোৱাৰিলেও মঙলৰ বুকুত পানীৰ সন্ধান লাভ কৰিলে পাৰ্চিভাৰেন্সে৷ ৰ’ভাৰখনে প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত শেহতীয়াভাৱে নাছাই কৰিলে এই দাবী৷ 

    নাছাৰ মতে মঙল গ্ৰহৰ জজিৰ’ ক্ৰেটাৰত চলোৱা ৰ’ভাৰখনৰ পৰীক্ষা-নিৰীক্ষাত ধৰা পৰিছিল এই তথ্য৷ মহাকাশ সংস্থাটোৰ মতে বহু নিযুত বছৰৰ বছৰৰ পূৰ্বে মঙল গ্ৰহৰ উক্ত স্থানত আছিল বৃহৎ হ্ৰদ৷ ইতিমধ্যে ৰ’ভাৰ পাৰ্টিভাৰেন্সে প্ৰেৰণ কৰা ডাটা অনুসৰি উক্ত স্থানত পূৰ্বতে অণুজীৱৰ অৱস্থিতি থকাৰ কথাও সদৰী কৰিছে নাছাই৷ 

    আনহাতে এটা সময়ত সৌৰজগতৰ এই ৰঙা গ্ৰহটো বাসোপযোগী আছিল বুলিও দাবী কৰিছে নাছাই৷ ৬ চকাযুক্ত ৰ’ভাৰ পাৰ্চিভাৰেন্সৰ ওজন হৈছে প্ৰায় ১০০০ কেজি৷ ৭ মাহত প্ৰায় ৪৭ কোটি কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰি মঙলগ্ৰহৰ বুকুত সফল আৰু সঠিক ছফটলেণ্ডিং কৰিছিল ৰ’ভাৰখনে৷ 

    যাৰ পাছতেই মঙলৰ বুকুত পৰীক্ষণ অব্যাহত ৰাখিছিল যানখনে৷ আৰু অৱশেষত পৃথিৱীবাসীৰ কৌতুহলৰ ওৰ পেলাই মঙলৰ বুকুত পানীৰ অৱস্থিতিৰ সন্ধান পালে মহাকাশযানখনে৷