• পদাৰ্থ বিজ্ঞানৰ এজন শিক্ষক ; উচ্চতৰ মাধ্যমিকৰ পৰা IIT,NITৰ পাঠ্যপুথি যাৰ নখদৰ্পণত

    বিজ্ঞান আৰু প্ৰযুক্তি
    পদাৰ্থ বিজ্ঞানৰ এজন শিক্ষক ; উচ্চতৰ মাধ্যমিকৰ পৰা IIT,NITৰ পাঠ্যপুথি যাৰ নখদৰ্পণত
    ডিজিটেল ডেস্কঃ বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ কাম কৰা অসংখ্য বিজ্ঞানীৰ নামৰ সৈতে আমি পৰিচিত৷ যেনে আৰ্নেষ্ট ৰাদাৰফোৰ্ড, জেজে থমছন, এলবাৰ্ট আইনষ্টাইন আদিৰ নাম উল্লেখনীয়। এই ধাৰাত ভাৰতৰ ড° এইচ চি বাৰ্মা নামেৰে পৰিচিত শিক্ষাবিদ ড° হৰিশ চন্দ্ৰ বাৰ্মাৰ নাম উল্লেখ কৰিব লাগিব। আইআইটিৰ অভিযন্তা হওক, এনআইটিৰ স্নাতক হওক বা দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ হওক নিঃসন্দেহে সকলোৱে ড° এইচ চি বাৰ্মাৰ নাম শুনিছে। এইজন ড° বাৰ্মাই পদাৰ্থ বিজ্ঞানৰ সুপৰিচিত "Concept of Physics" গ্ৰন্থখন লিখিছিল, যিখন হয়তো পদাৰ্থ বিজ্ঞানৰ প্ৰায়সকল ছাত্ৰই পঢ়িছে। ২০২১ চনত ড° বাৰ্মাক বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হয়।


    বিহাৰৰ দৰভংগা জিলাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ড° এইচ চি বাৰ্মাৰ স্নাতক ডিগ্ৰী লাভৰ বাবে পাটনা বিজ্ঞান বিশ্ববিদ্যালয়ত নামভৰ্তি নকৰালৈকে বিজ্ঞান বা গণিতৰ প্ৰতি কোনো আগ্ৰহ নাছিল।বিশ্ববিদ্যালয়ত বাৰ্মাই পদাৰ্থ বিজ্ঞান অধিক গভীৰভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু পাটনাৰ পৰা স্নাতক হোৱাৰ পাছত বাৰ্মা GATE পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত বাৰ্মা আইআইটি কানপুৰত এম এছ চি প্ৰগ্ৰেমত নামভৰ্তি কৰে আৰু স্নাতকোত্তৰ ডিগ্ৰী কৰাৰ পাছত পাটনা বিজ্ঞান মহাবিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে, আৰু তাৰ পৰৱৰ্তী সময়ত আইআইটি কানপুৰত অধ্যাপক হিচাপে যোগদান কৰে।


    শিক্ষকতাৰ কালচোৱাত ড° বাৰ্মাই লক্ষ্য কৰিছিল যে ছাত্ৰ-ছাত্ৰীসকলে পদাৰ্থ বিজ্ঞানৰ জটিল তত্ত্ব বুজিবলৈ সংগ্ৰাম কৰি আছে। প্ৰায় আঠ বছৰীয়া কষ্টৰ অন্তত ড° এইচ চি বাৰ্মাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ আহিল 'কনচেপ্ট অৱ ফিজিক্স শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থখন। এই গ্ৰন্থখন পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে IIT, JEE MAINS ৰ বাবে প্ৰস্তুতি চলাব পাৰিব। ইয়াৰ উপৰিও ড° বাৰ্মাই কোৱাণ্টাম ফিজিক্স, ছলিউচন অৱ ফিজিক্স শীৰ্ষক গ্ৰন্থও ৰচনা কৰিছিল।