• গহ্বৰ গ্ৰহ! সূৰ্যৰ নিকটতম গ্ৰহ বুধ ভৰি আছে বিশাল বিশাল গহ্বৰেৰে, বেপিকোলোমোবো মহাকাশযানে প্ৰেৰণ কৰিছে বিস্ময়কৰ ছবি

    বিজ্ঞান আৰু প্ৰযুক্তি
    গহ্বৰ গ্ৰহ!  সূৰ্যৰ নিকটতম গ্ৰহ বুধ ভৰি আছে বিশাল বিশাল গহ্বৰেৰে, বেপিকোলোমোবো মহাকাশযানে প্ৰেৰণ কৰিছে বিস্ময়কৰ ছবি
    ডিজিটেল ডেস্কঃপৃথিৱীৰ পৰা বহু নিলগত আৰু সূৰ্যৰ নিচেই কাষতে থকা বুধ গ্ৰহৰ বিষয়ে বিশ্ববাসীয়ে খুব কমকৈহে জানে। বুধ গ্ৰহৰ ৰহস্য ভেদ কৰাৰ বাবে গ্ৰহটো অভিমুখে প্ৰেৰণ কৰা হৈছে এখন মহাকাশ যান।বেপিকোলোমোবো নামৰ মহাকাশযানখনে বুধ গ্ৰহৰ বহু ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছে। 

    বুধৰ ওপৰেৰে উৰি যোৱাৰ সময়তে যান খনে  সূৰ্যৰ আটাইতকৈ ওচৰত থকা এটা গ্ৰহটোৰ গহ্বৰযুক্ত পৃষ্ঠৰ ছবি তুলিবলৈ সক্ষম হৈছে।  বৃহস্পতিবাৰে বেপিকোলোমোবো মহাকাশযানখনে গ্ৰহটোৰ পৃষ্ঠৰ ওপৰেৰে ২০০ কিলোমিটাৰ ওচৰলৈ আহিছিল।
     ২০২৫ চনত যান খনে বুধৰ কক্ষপথত প্ৰৱেশ কৰাৰ আগতে বুধৰ চাৰিওফালে মুঠ ছয়বাৰ উৰিব। এনেদৰে উৰি থকাৰ সময়তে যান খনে গ্ৰহটোৰ নানান ছবি তুলিব। যিবোৰ ছবি বিশ্ববাসীয়ে আগতে কেতিয়াও দেখা নাই। 



    মহাকাশযানখনে বুধৰ ছবি ল'বলৈ তিনিটা নিৰীক্ষণ কেমেৰা (এমচিএএম) ব্যৱহাৰ কৰিছে।  ফ্লাইবাইৰ প্ৰাথমিক উদ্দেশ্য হৈছে বুধলৈ ভৱিষ্যত অভিযানৰ বাবে বিস্তৃত আৰু দীঘলীয়া গৱেষণা কৰা, গ্ৰহটোলৈ যাব পৰা সঠিক পথ  নিশ্চিত কৰা আদি । ইউৰোপীয়  মহাকাশ সংস্থা আৰু জাপানী মহাকাশ সংস্থা, জেএএক্সএ,  যুটীয়াভাৱে নিৰ্মাণ কৰা মহাকাশযানখনে সৌৰজগতৰ আচৰিত গ্ৰহটোৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

     শেহতীয়া ছবি বোৰত বুধৰ পৃষ্ঠ বহু দ দ গহ্বৰে আৱৰি ৰথা দেখা গৈছে।কি কাৰণত তেনে গহ্বৰৰ সৃষ্টি হৈছে সেয়াও জনাৰ চেষ্টা চলোৱা হ’ব। শেহতীয়াকৈ মহাকাশযানখনে প্ৰতি ছেকেণ্ডত ১.৩ কিলোমিটাৰ গতিৰে বুধৰ কাষত বিচৰণ কৰি আছে। ইউৰোপীয় মহাকাশ সংস্থাই কৈছে যে বুধৰ কক্ষপথত যানখনে প্ৰৱেশ কৰাটো এটা প্ৰত্যাহ্বানমূলক কাম।

     বেপিকলম্বোৱে পৃথিৱীৰ পৰা উৎক্ষেপণ কৰাৰ লগে লগে ইয়াত সৃষ্টি হোৱা কক্ষীয় শক্তি হ্ৰাস কৰিব লগা হৈছিল, যাৰ অৰ্থ হৈছে ই প্ৰথমে আমাৰ গৃহ গ্ৰহৰ সৈতে একে কক্ষপথত উৰিছিল । গহ্বৰৰ ভিতৰত পানী থাকিব পাৰে নেকি সেই বিষয়তো যান খনে গৱেষণা চলাব।