• মঙল গ্ৰহৰ পৰা পৃথিৱীৰ ছবি তুলিলে নাছাৰ কিউৰিঅ'চিটি ৰোভাৰে, কেনে ৰূপত দেখা গৈছে আমাৰ মৰমৰ গ্ৰহটোক?

    বিজ্ঞান আৰু প্ৰযুক্তি
    মঙল গ্ৰহৰ পৰা পৃথিৱীৰ ছবি তুলিলে নাছাৰ কিউৰিঅ'চিটি ৰোভাৰে, কেনে ৰূপত দেখা গৈছে আমাৰ মৰমৰ গ্ৰহটোক?
    ডিজিটেল ডেস্কঃৰঙা গ্ৰহ মঙললৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা  কিউৰিঅ'চিটি ৰোভাৰ যান খনে শেহতীয়াকৈ মঙল গ্ৰহণৰ পৰাই পৃথিৱীৰ ছবি তুলিছে৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৱে যান খনে তোলা পৃথিৱীৰ সেই ছবি ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিছে৷

    মঙল গ্ৰহৰ পৰা কিউৰিঅ'চিটি ৰভাৰে লোৱা আমাৰ পৃথিৱীৰ ছবিখনে বহুতকে কৌতূহলী কৰি তুলিছে। এই মহা বিশ্বত আমাৰ পৃথিৱী খন তেনেই এটা সামান্য বিন্দুৰ দৰেই উপঙি আছে৷ সেই বিন্দুৰ ভিতৰতেই বাস কৰিছে কোটি কোটি লোকে, চলিছে গাড়ী-মটৰ, কল-কাৰখানা আদিও৷ 

    যান খনে তোলা ছবিত পৃথিৱীক এটা বিন্দুৰ দৰেই দেখা গৈছে৷ 
    নাছাই টুইটাৰত ৰভাৰে তোলা ফটোখন পোষ্ট কৰি কয়, "এই আশ্চৰ্যজনক ফটোখন মঙল গ্ৰহৰ পৰা তোলা হৈছিল। হয়, মঙল গ্ৰহ। আৰু সেই বিন্দুটোৱেই আমাৰ সকলোৰে প্ৰিয় পৃথিৱী। '


    ফটোখন উদ্যোগপতি আনন্দ মহিন্দ্ৰাই পুনৰ টুইট কৰিছিল। তেওঁ টুইটত কয় , "এই ছবিখনে একমাত্ৰ নম্ৰতা শিকায়। '
    উল্লেখ্য কিউৰিঅ'চিটি ৰোভাৰে ২০১৩ চনৰ  ৬ আগষ্টত মঙল গ্ৰহত অৱতৰণ কৰিছিল। তেতিয়াৰে পৰাই যান খনে পৃথিৱীলৈ ৰঙা গ্ৰহটো সম্পৰ্কে নানান অজানা তথ্য তথা ছবি প্ৰেৰণ কৰি আহিছে৷  

    এইবাৰ  ৰোভাৰ যান খনে  ৰঙা গ্ৰহৰ মাটিৰ পৰা পৃথিৱীৰ ছবি প্ৰেৰণ কৰিলে। নাছাৰ মতে ছবিখন লোৱাৰ সময়ত পৃথিৱীৰ আৰু  ৰঙা গ্ৰহৰ মাজৰ  দূৰত্ব আছিল ১৬০ নিযুত কিলোমিটাৰ।