ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে আজি আৰু এঢাপ আগুৱাই গ’ল। আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বছৰটোৰ পঞ্চম সফল ৰকেট উৎক্ষেপণ কৰিবলৈ সক্ষম হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে আজি দিনৰ ১১ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি শৃংখলাৰ ৰকেটত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ উৎক্ষেপণ কৰে।
আজি পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাসত আন এক সফলতা যোগ হ’ল । ইছৰোৱে এই বছৰত পাঁচটা উপগ্ৰহ উৎক্ষেপণ কৰিছে। আজি উৎক্ষেপণ কৰা অত্যাধুনিক উপগ্ৰহটোক এনভিএছ-১০ বুলি কোৱা হয়। এই উপগ্ৰহটো জিএছএলভি-এফ১২ ৰকেটত মহাকাশলৈ উৎক্ষেপণ কৰা হয়।
আজি দিনৰ ১১ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি-এফ১২ ৰকেটত এনভিএছ-০১ উপগ্ৰহটো মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হয় বুলি ইছৰোৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। এই উপগ্ৰহটোৱে ভাৰতৰ যোগাযোগ ব্যৱস্থাত এক সফলতা আনিব পাৰে।
জানিব পৰা মতে এই উপগ্ৰহ প্ৰণালীয়ে বিমান চলাচলৰ ক্ষেত্ৰতো বিশেষভাবে সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। এনভিএছ-০১ উপগ্ৰহটোৱে বিমানৰ গতিপথ, দিশ, সময় নিয়ন্ত্ৰণ আদিৰ দৰে জটিল বিষয়ত সহায় কৰিব। এই উপগ্ৰহটো দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ বুলি কোৱা হয়। উপগ্ৰহটোৱে ভাৰত আৰু ইয়াৰ চাৰিওফালে থকা এলেকাৰ ১৫০০ কিলোমিটাৰ অঞ্চলৰ পৰা তথ্য সংগ্ৰহ কৰি বিমান চলাচলত সহায় কৰিবলৈ সক্ষম হ'ব।
Leave A Comment