• দিনতে হ’ব আন্ধাৰ! আহি আছে বছৰৰ আটাইতকৈ দীঘল সূৰ্যগ্ৰহণ, কেতিয়া, ক’ৰ পৰা যাব দেখা? জানো আহক

    বিজ্ঞান আৰু প্ৰযুক্তি
    দিনতে হ’ব আন্ধাৰ! আহি আছে বছৰৰ আটাইতকৈ দীঘল সূৰ্যগ্ৰহণ, কেতিয়া, ক’ৰ পৰা যাব দেখা? জানো আহক
    ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ আটাইতকৈ দীঘল  সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে সাজু হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক৷ চলিত বৰ্ষৰ ৮  এপ্ৰিলত সংঘটিত হ’ব এই বিৰল মহাজাগতিক পৰিঘটনা৷ । সম্পূৰ্ণ সূৰ্যগ্ৰহণ আমেৰিকা, মেক্সিকো আৰু কানাডাৰ কিছুমান অঞ্চলত দৃশ্যমান হ'ব। 

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই কৈছে যে সূৰ্যগ্ৰহণ  প্ৰথমে মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত পুৱা ১১:০৭ বজাত আৰম্ভ  হ'ব। সেই দিনটোত  চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ধৰিলে  দিনতে  ৰাতিৰ দৰে পৰিবেশৰ সৃষ্টি  হ'ব।  সম্পূৰ্ণ সূৰ্যগ্ৰহণ আমেৰিকাৰ ১৩ খন প্ৰদেশত  দৃশ্যমান হ'ব। আনহাতে আংশিক সূৰ্যগ্ৰহণ সমগ্ৰ উত্তৰ আমেৰিকাত দৃশ্যমান হ'ব।

    যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে ইয়াক পূৰ্ণ সূৰ্যগ্ৰহণ  বুলি কোৱা হয়। ইয়াৰ সৰ্বাধিক সময় হ'ব ৪ মিনিট ২৮ ছেকেণ্ড। ইয়াৰ পিছত সূৰ্যৰ কিছু অংশ ক্ৰমান্বয়ে দৃশ্যমান হ'ব।  গণনা অনুসৰি  অনুমান কৰা হৈছে যে ২১৮৬ চনৰ ১৬ জুলাইত সূৰ্যগ্ৰহণে ফ্ৰেঞ্চ গায়ানাৰ উপকূলৰ পৰা আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিব । ফলস্বৰূপে, ই মুঠ ৭ মিনিট ২৯  ছেকেণ্ডৰ বাবে চলিব ।