ডিজিটেল ডেস্কঃ মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী হিচাপে তিনিজন বিজ্ঞানীৰ নাম ঘোষণা কৰে। তেওঁলোকে কয় যে আমেৰিকাৰ পিয়েৰ অগাষ্টিনি, হাংগেৰীৰ ফেৰেন্স ক্ৰাউটজ আৰু ফ্ৰান্সৰ এন্নে এলহুইলাৰক ২০২৩ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে যৌথভাৱে মনোনীত কৰা হৈছে।
২০২৩ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ীসকলৰ সকলোৱে একে গৱেষণা বিষয় — ইলেক্ট্ৰন গতিবিদ্যা। গৱেষণাৰ জৰিয়তে পোহৰৰ এট’ছেকেণ্ড স্পন্দন সৃষ্টি কৰাত সফল হৈছে। এই অতি চুটি পালছৰ সহায়ত ইলেক্ট্ৰনৰ দ্ৰুত গতিৰ ফটো তোলা সম্ভৱ। ৰয়েল ছুইডিছ একাডেমীয়ে এক বিবৃতিত কয় যে, “নোবেল বঁটা বিজয়ী তিনিগৰাকীয়ে তেওঁলোকৰ পৰীক্ষাসমূহক অণুৰ ভিতৰত ইলেক্ট্ৰনৰ জগতখন অন্বেষণ কৰিবলৈ নতুন সঁজুলি দিছে।”
ফৰাচী মূলৰ অগাষ্টিন বৰ্তমান আমেৰিকাৰ অহাইঅ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক। অষ্ট্ৰিয়াৰ মূলৰ হাংগেৰীৰ নাগৰিক ফেৰেংক জাৰ্মান গৱেষণা সংস্থা ‘মিউনিখ চেণ্টাৰ ফৰ এডভান্সড ফ’ট’নিক্স’ৰ সৈতে জড়িত। আনহাতে এন্নে ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী। এইবাৰ মুঠ পুৰস্কাৰৰ পৰিমাণ ১০ লাখ ডলাৰ (প্ৰায় আঠ কোটি ৩২ লাখ টকা) নোবেল কমিটীয়ে তিনিজন বিজ্ঞানীৰ মাজত ভাগ কৰিব।
Leave A Comment