ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান আৰু সূৰ্য অভিযান সফল হোৱাৰ পিছত এইবাৰ ভাৰতে চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গগনযান অভিযান সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গগনযান অভিযানৰ প্ৰস্তুতিৰ বিষয়ে মূল্যায়ন কৰা হয় আৰু ২০২৫ চনৰ ভিতৰত ইয়াক আৰম্ভ কৰাটো নিশ্চিত কৰা হয় ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি কয় যে ভাৰতে ২০৪০ চনৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰীক চন্দ্ৰলৈ পঠোৱাৰ লক্ষ্য স্থিৰ কৰিছে আৰু ২০৩৫ চনৰ ভিতৰত ভাৰতে এটা মহাকাশ কেন্দ্ৰও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞানীসকলক নতুন লক্ষ্যৰ অধীনত ভেনাছ অৰ্বিটাৰ মিছন আৰু মাৰ্চ লেণ্ডাৰৰ কাম কৰিবলৈও কয়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে গগনযান অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত মহাকাশ সম্পৰ্কীয় শেহতীয়া গৱেষণাৰ বিষয়ে বিস্তৃত অৱলোকন কৰা হয়।
উল্সলেখ্য ভাৰতে অনাগত দিনত প্ৰায় ২০ টা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ভিতৰত আছে হিউমেন ৰেটেড লঞ্চ ভেহিকেল (এইচ.এল.ভি.এম.৩)ৰ তিনিটা অভিযান। বৈঠকখনে অভিযানটোৰ প্ৰস্তুতিৰ বিষয়ে মূল্যায়ন কৰে আৰু ২০২৫ চনৰ ভিতৰত ইয়াৰ আৰম্ভণি নিশ্চিত কৰে।
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে এতিয়া নতুন আৰু উচ্চাকাংক্ষী লক্ষ্য স্থিৰ কৰি আগুৱাব লাগিব বুলি মন্তব্য কৰে। তেওঁ ভাৰতৰ মহাকাশ অন্বেষণ প্ৰচেষ্টাৰ অংশ হিচাবে ভাৰতীয় বিজ্ঞানীসকলক আন্তঃগ্ৰহ অভিযানৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।
Leave A Comment