• চন্দ্ৰপৃষ্ঠ এৰি হঠাতে শূন্যলৈ উৰা মাৰিলে বিক্ৰমে! দ্বিতীয়বাৰৰ বাবে চন্দ্ৰযান-৩ লেণ্ডাৰৰ সফলতাৰে চন্দ্ৰত অৱতৰণ

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰপৃষ্ঠ এৰি হঠাতে শূন্যলৈ উৰা মাৰিলে বিক্ৰমে! দ্বিতীয়বাৰৰ বাবে চন্দ্ৰযান-৩ লেণ্ডাৰৰ সফলতাৰে চন্দ্ৰত অৱতৰণ
    ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ইয়াৰ অভিযানৰ লক্ষ্য অতিক্ৰম কৰাত সফল হৈছে। কিন্তু চন্দ্ৰপৃষ্ঠ এৰি হঠাতে শূন্যলৈ উৰা মাৰিলে বিক্ৰমে! ইছৰোৱে আজি এইকথা প্ৰকাশ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ মতে বিক্ৰমে সফলতাৰে সকলো পৰীক্ষা সম্পূৰ্ণ কৰিছে আৰু দ্বিতীয়বাৰৰ বাবে বিক্ৰমে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে।চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰিছিল।

     তেতিয়াৰে পৰা  ই প্ৰায় একে ঠাইতে ঘূৰি-ফুৰি আছে। বিক্ৰমৰ টোপনি যোৱাৰ সময়ো চমু চাপি আহিছে। অৱশ্যে চন্দ্ৰৰ দক্ষিণ মেৰুত অন্ধকাৰ নামি অহাৰ আগতে বিক্ৰমে অক্লান্ত পৰিশ্ৰম কৰি গৈছে। চন্দ্ৰযানত 'লুনাৰ চাৰ্ফেচ থাৰ্মো-ফিজিকেল এক্সপেৰিমেণ্ট' বা চিএএচটিই নামৰ এটা পেলোড আছে। ই চন্দ্ৰৰ উষ্ণতা জুখু আছে। ইয়াৰ উপৰি বিক্ৰমত আছে  লুনাৰ চিচমিক এক্টিভিটি প্ৰোব বা আইএলএছএ নামৰ এটা পেলোড । ইলছাৰ চেন্সৰে মহাজাগতিক গতিবিধি লক্ষ্য কৰি আছে।  বিক্ৰমৰ লেজাৰ ৰিট্ৰোৰিফ্লেক্টৰে  চন্দ্ৰআৱদ্ধ অতি সংবেদনশীল আয়নোস্ফিয়াৰ আৰু বায়ুমণ্ডল ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে। এই যন্ত্ৰই  চন্দ্ৰ মাটিত প্লাজমাৰ ঘনত্বও জুখি আছে। বিক্ৰমৰ সকলো বোৰ যন্ত্ৰই এতিয়ালৈকে সঠিক ধৰণে কাম কৰি আছে বুলি ইছৰ’ই প্ৰকাশ কৰিছে।  

    চন্দ্ৰৰ দক্ষিণ মেৰুত অন্ধকাৰ নামি অহাৰ আগলৈকে  বিক্ৰমে  যিমান সম্ভৱ কাম কৰি যাব। উল্লেখ্য  প্ৰথমবাৰৰ বাবে বিশ্বৰ প্ৰথম দেশ হিচাবে ভাৰতে  চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, এই অভিযান মাত্ৰ ১৪  দিনীয়াহে হ’ব।   কিয়নো এবাৰ দক্ষিণ মেৰুত অন্ধকাৰ নামি আহিলে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ শক্তি হ্ৰাস পাব । কাৰণ  দুয়োটা যন্ত্ৰই  সৌৰ শক্তিচালিত। গতিকে যেতিয়া আন্ধাৰ হয় সেইবোৰে  আৰু কাম কৰিব নোৱাৰিব। প্ৰজ্ঞানক ইতিমধ্যে শুৱাই দিয়া হৈছে। ইছৰোৱে বিক্ৰমক নিষ্ক্ৰিয় হৈ পৰাৰ আগতে কেইবাটাও বিশেষ পৰীক্ষাত ব্যস্ত ৰাখিছে।