• বিৰল মুহূৰ্ত: দিল্লীৰ আকাশত দৃশ্যমান আঙুঠিসহ শনি গ্ৰহ, ভাইৰেল ভিডিঅ’

    বিজ্ঞান আৰু প্ৰযুক্তি
    বিৰল মুহূৰ্ত: দিল্লীৰ আকাশত দৃশ্যমান  আঙুঠিসহ শনি গ্ৰহ, ভাইৰেল ভিডিঅ’
    ডিজিটেল ডেস্কঃ চাই থাকিলে চাই থাকিবৰ মন যোৱা এক দৃশ্য। সৌৰজগতৰ নটা গ্ৰহৰ ভিতৰৰে এটা হৈছে শনি গ্ৰহ। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হিচাবে পৰিচিত শনি গ্ৰহ এইবাৰ দেখা গ’ল দিল্লীৰ আকাশত।  

    শেহতীয়াকৈ  ইণ্টাৰনেটত দিল্লীৰ আকাশত দেখা শনি গ্ৰহৰ  ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত শনি গ্ৰহ  দিল্লীৰ পৰা স্পষ্টভাৱে দৃশ্যমান হৈছে।  ভিডিঅ'টোৱে এতিয়া বহুতকে  আচৰিত কৰি তুলিছে । 


    চমু ক্লিপটোত  শনি গ্ৰহই চলাচল কৰাও ধৰা পৰিছে। গ্ৰহটোৰ   ৰিংবোৰো   সুন্দৰভাবে দেখা গৈছে। ভিডিঅ’টো আপলোড কৰাজনে দাবী কৰিছে  যে ভিডিঅ'টো পুৱতি নিশা  প্ৰায় ১:৩০ বজাত জিএছঅ' ১২ ইঞ্চিৰ ডবছনিয়ানত লগোৱা এটা আইফোন ১৪ প্ৰ'ৰ জড়িয়তে  লোৱা হৈছিল।

      ভিডিঅ'টো তৎক্ষণাৎ ভাইৰেল হৈ পৰিছে  ।  উল্লেখ্য শনি গ্ৰহটো বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিছে।