• পৃথিৱীত বিস্ফোৰণ ঘটাব সূৰ্যই! বিস্ফোৰণৰ পাছত পৃথিৱীত জন্ম হ’ব ‘ছুপাৰহিৰো’ আৰু ‘ছুপাৰভিলেইন’ৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    পৃথিৱীত বিস্ফোৰণ ঘটাব সূৰ্যই! বিস্ফোৰণৰ পাছত পৃথিৱীত জন্ম হ’ব ‘ছুপাৰহিৰো’ আৰু ‘ছুপাৰভিলেইন’ৰ
    ডিজিটেল ডেস্কঃ বিজ্ঞানীসকলে পৃথিৱী তথা অন্তৰীক্ষক লৈ অহৰহ অধ্যয়ন কৰি আছে। বিজ্ঞানীসকল সময় ভ্ৰমণ সম্পৰ্কীয় যাক টাইম ট্ৰেভেল বুলি কোৱা হয়, তাৰ গৱেষণাত নিয়োজিত হৈ আছে। যদিও এই সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই, কিন্তু বহু বিজ্ঞানীৰ মতে টাইম ট্ৰেভেল (এটা সময়ৰ পৰা আন এটা সময়লৈ যোৱা) সম্ভৱ আৰু ভৱিষ্যতে মানুহে সহজে টাইম ট্ৰেভেল কৰিব পাৰিব। ইফালে নিজকে ‘টাইম ট্ৰেভেলাৰ’ বুলি অভিহিত কৰা এজন লোকে এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁ কৈছে যে সূৰ্য্যৰ পৰা পৃথিৱীত শক্তিৰ ভয়ংকৰ বিস্ফোৰণ হ’ব আৰু এই বিস্ফোৰণৰ পিছত পৃথিৱীত ‘ছুপাৰহিৰো’ আৰু ‘ছুপাৰভিলেইন’ৰ জন্ম হ’ব।

    ডেইলীষ্টাৰৰ ৰিপ’ৰ্ট অনুসৰি, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়তে ব্যক্তিজনে এই দাবী কৰিছে। এই দাবীত কিমান সত্য আছে, ইয়াৰ বিষয়ে একো কব নোৱাৰি কিন্তু @timevoyaging নামৰ এই ইউজাৰজনৰ ভিডিঅ’টোৱে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  টাইম ট্ৰেভেলাৰগৰাকীয়ে ভিডিঅ’টোত মানুহক সকীয়াই দিছে যে ২০২২ চনৰ নৱেম্বৰ মাহত এই ভয়ংকৰ বিস্ফোৰণ হ’ব। যেতিয়া সূৰ্য্যই পৃথিৱীত এটা ‘বিৰল শক্তি’ বিস্ফোৰণ কৰিব তেতিয়া ইয়াৰ পৰা ১০ জন লোকে মহাশক্তি লাভ কৰিব। তেওঁ আৰু দাবী কৰে যে যিসকল বিস্ফোৰণত বেয়াকৈ প্ৰভাৱিত হ’ব তেওঁলোকৰ টেলিকাইনেছিছৰ পৰা আৰম্ভ কৰি অসীম ষ্টেমিনালৈকে শক্তি থাকিব, কিন্তু তেওঁলোক সকলোৱেই সেইবোৰ ভালৰ বাবে ব্যৱহাৰ নকৰিব।

    নিজৰ বৰ্ণনা কৰি মানুহজনে ক’লে, ‘সাৱধান হওক! হয়, মই এজন ৰিয়েল টাইম ট্ৰেভেলাৰ। অতি সোনকালে ১০ জন লোকে লাভ কৰিব ছুপাৰ পাৱাৰ। ২০২২ চনৰ ১৪ নৱেম্বৰত সূৰ্য্যৰ পৰা এক প্ৰকাৰৰ শক্তি ওলাই আহিব, যিয়ে পৃথিৱীত খুন্দা মাৰিব। লোকজনে দাবী কৰিছিল যে এই শক্তিৰ দ্বাৰা ১০ জন লোক বেয়াকৈ প্ৰভাৱিত হ’ব আৰু তেওঁলোকে ক্ষমতা লাভ কৰিব। এই শক্তিবোৰৰ কিছুমান ষ্টেমিনা আৰু টেলিকাইনেছিছৰ দৰেই ভাল হ’ব, আনহাতে এই শক্তিবোৰৰ কিছুমান অত্যন্ত বেয়া হ’ব আৰু আপোনাৰ জীৱনটো ধ্বংস কৰিব পাৰে। 

    নিজকে টাইম ট্ৰেভেলাৰ বুলি অভিহিত কৰা এজন ব্যক্তিৰ ভিডিঅ’ত মানুহে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশ লোকে এই দাবীক সঁচা বুলি বিশ্বাস কৰি আছে, আনহাতে কিছুমানে বিশ্বাস কৰা নাই। ভাল শক্তি লাভ কৰা কেইজন ‘ছুপাৰহিৰো’ আৰু শক্তিখিনিক বেয়া দিশত ব্যৱহাৰ কৰাসকল ‘ছুপাৰভিলেইন’ হব বুলি দাবী কৰিছে ব্যক্তিজনে।