• BREAKING NEWS শেষ মুহূৰ্তত বিপত্তি! তৃতীয়বাৰৰ বাবে মহাকাশলৈ যাব নোৱাৰিলে সুনীতা উইলিয়ামছে

    বিজ্ঞান আৰু প্ৰযুক্তি
    BREAKING NEWS শেষ মুহূৰ্তত বিপত্তি! তৃতীয়বাৰৰ বাবে মহাকাশলৈ যাব নোৱাৰিলে সুনীতা উইলিয়ামছে
    ডিজিটেল ডেস্কঃ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মহাকাশ অভিযান শেষ মুহূৰ্তত বাতিল কৰা হৈছে। তেওঁ মঙলবাৰে তৃতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰাৰ কথা আছিল। অৱশ্যে, মহাকাশলৈ যাত্ৰা কৰাৰ পূৰ্বেই  তেওঁৰ যাত্ৰা যাত্ৰা পিছুৱাই দিয়া হয়। পূৰ্ব পৰিকল্পিত অভিযান কিয় স্থগিত কৰা হৈছে এই মহাকাশ অভিযান পুনৰ কেতিয়া হ'ব? বিজ্ঞানীসকলে কি কয়? সোমবাৰে নিশাই মহাকাশচাৰী কঢ়িয়াই নিয়া কেপচুলটো কক্ষপথলৈ উৎক্ষেপণৰ বাবে সাজু কৰা হৈছিল। 

    কিন্তু  এটলাছ ভি ৰকেটখনত দেখা দিয়া  কাৰিকৰী বিজুতিৰ বাবে বোয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষিত প্ৰথম ক্ৰুড পৰীক্ষামূলক উৰণ কমেও ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল। সেয়ে মহাকাশচাৰীসকলক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) লৈ যোৱা চিএছটি-১০০ ষ্টাৰলাইনাৰৰ এই  যাত্ৰা  আৰম্ভনিতে থমকিবলগীয়া হয়।  

     উল্লেখ্য  ২০১৯ চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ষ্টাৰলাইনাৰৰ প্ৰথম আনক্ৰুড ফ্লাইট  প্ৰেৰণৰ প্ৰচেষ্টাও বিফল  হৈছিল। 

    (প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। এই বিষয়ত শেহতীয়া সকলো খবৰ আমি আপোনাক জনাই থাকিম। মাথো চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত)