• পৃথিৱীত বিয়পি পৰিব গোলাপী চন্দ্ৰৰ পোহৰ, এই দিনটোত পৃথিৱীত পৰিব চন্দ্ৰৰ গোলাপী কিৰণ

    বিজ্ঞান আৰু প্ৰযুক্তি
    পৃথিৱীত বিয়পি পৰিব গোলাপী চন্দ্ৰৰ পোহৰ, এই দিনটোত পৃথিৱীত পৰিব চন্দ্ৰৰ গোলাপী কিৰণ
    ডিজিটেল ডেস্কঃ ১৩ জুলাইৰ নিশা ১২.০৭ বজাত দেখিবলৈ পোৱা যাব ছুপাৰমুন। ইয়াৰ পিছত অহাবৰ্ষত অৰ্থাৎ ২০২৩ চনত ৩ জুলাইত পৃথিৱীত বিয়পি পৰিব গোলাপী চন্দ্ৰৰ পোহৰ।

    ১৩ জুলাইত ছুপাৰমুনৰ দিনা দেখা যাব বছৰৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ। ছুপাৰমুনক ডীয়েৰ মুন,  থাণ্ডাৰ মুন, হে মুন আৰু উইৰ্ট মুন বুলিও জনা যায়। আমেৰিকাত ইয়াক ছেল্মন মুন, ৰাস্পবেৰী মুন আৰু কেলমিং মুন বুলি জনা যায়।

    ১৯৭৯ চনত ছুপাৰমুন শব্দটো সৰ্বত্ৰে জনাজাত হৈ পৰে। ইয়াৰ আৱিষ্কাৰ কৰিছিল জ্যোতিষী ৰিচাৰ্ড নোৱেলে। যেতিয়া চন্দ্ৰ পৃথিৱীৰ প্ৰায় ৯০% কাষত অৱস্থান কৰে তেতিয়া এই জ্যোতিৰ্বিজ্ঞানৰ ঘটনাটোক ছুপাৰমুন বুলি কোৱা হয়।

    ছুপাৰমুন হৈছে বছৰত তিনিবাৰকৈ সংঘটিত হোৱা এক সাধাৰণ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা। এই দিনটোত চন্দ্ৰত কিছুমান বিশেষ শক্তি আহে বুলি তেনে কোনো কথা নাই। আজিৰ দিনটোত চন্দ্ৰই পৃথিৱীৰ অতি ওচৰত থকাৰ বাবে দৈনন্দিনতকৈ ডাঙৰ হৈ পৰে ইয়াৰ আকাৰ। জ্যোতিৰ্বিজ্ঞানৰ এই ঘটনাটোক পেৰীজী বুলিও কোৱা হয়।

    ছুপাৰমুনে হাই টাইড হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। এই দিনটোত সাগৰীয় জোৱাৰৰ এক বৃহৎ পৰিসৰ দেখা যায়। ছুপাৰমুনৰ বাবে সাগৰত ধুমুহা আৰু পাৰত বানপানীৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা দেখিবলৈ পোৱা যায়।