• আজি সমান হ’ব দিন আৰু ৰাতি, কিন্তু কিয় জানেনে?

    বিজ্ঞান আৰু প্ৰযুক্তি
    আজি সমান হ’ব দিন আৰু ৰাতি, কিন্তু কিয় জানেনে?
    ডিজিটেল ডেস্কঃ আজি ২০ মাৰ্চ। আজি সমান হ’ব দিন আৰু ৰাতি।  দৰাচলতে প্ৰতি বছৰে ২১ মাৰ্চত দিন-ৰাতি সমান হয় যদিও  এইবাৰ লীপইয়েৰ বাবে  এদিন পূৰ্বেই অৰ্থাৎ ২০  মাৰ্চত  দিন আৰু ৰাতি সমান হ'ব।বুধবাৰৰ দিনটো  জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে বিশেষ দিন হিচাবে বিবেচিত হৈছে।  বিজ্ঞানীসকলৰ মতে  বছৰত দুবাৰ দিন আৰু ৰাতি  সমান হয়। 

     ২০ বা ২১ মাৰ্চৰ উপৰি  ২৩  ছেপ্টেম্বৰতো দিন-ৰাতি সমান হয়। আজিৰ দিনটোত  বিষুৱৰেখা  লম্ব হোৱাৰ বাবে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৃথিৱীত  পৰে। ফলত ১২  ঘণ্টাৰ দিন আৰু ১২  ঘণ্টাৰ ৰাতি হয়। য়াৰ  পিছতে  সূৰ্যই উত্তৰ গোলাৰ্ধত প্ৰৱেশ কৰে, ইয়াৰ ফলত দিন  দীঘল আৰু ৰাতি  চুটি হ'বলৈ ধৰে। 
    লীপইয়েৰ কি? লীপইয়েৰ হৈছে এনে  এটা বছৰ যিটো বছৰত  এদিন বেছি হয়।

    এই বছৰটো প্ৰতি চাৰি বছৰত এবাৰকৈ আহে। প্ৰকৃততে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ প্ৰকৃততে ৩৬৫  দিন আৰু ছঘণ্টা সময় লাগে। এই ছঘণ্টা  জমা হৈ গৈ থাকে আৰু  চাৰি বছৰত  ই ২৪  ঘণ্টাৰ সৃষ্টি কৰে, এয়া  হৈছে এটা অতিৰিক্ত দিন। যেতিয়া এই এদিন ফেব্ৰুৱাৰীত যোগ দিয়া হয়, ফেব্ৰুৱাৰী ২৮  ৰ পৰা ২৯ দিনীয়া হয় আৰু বছৰটোক লীপইয়েৰ বুলি কোৱা হয়।