• এ চি পাহৰি যাওক... লৈ আহক এইখন ফেন! পাব ছিমলা সদৃশ শীতলতা, নিশা কঁপি উঠিব আপুনি

    বিজ্ঞান আৰু প্ৰযুক্তি
    এ চি পাহৰি যাওক... লৈ আহক এইখন ফেন! পাব ছিমলা সদৃশ শীতলতা, নিশা কঁপি উঠিব আপুনি
    ডিজিটেল ডেস্কঃ জুলাই মাহৰ পৰা বাৰিষা আৰম্ভ হয়, কিন্তু তথাপি দেশৰ বহু ৰাজ্যত প্ৰৱল উষ্ণতাই বিৰাজ কৰিছে। বৰষুণ দূৰৰে কথা আতি আতি শৰীৰৰ পৰা ওলাইছে ঘাম। এচিয়েহে ৰাইজক গৰমৰ পৰা সামান্য হ’লেও সকাহ দিব পাৰিছে। কিন্তু ব্যয়বহুল হোৱাৰ বাবে সকলোৱে এ চি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰোপৰি বিদ্যুতৰ মাচুলো তুলনামূলকভাৱে বহুত আহে। এতিয়া এচিৰ বিকল্প হৈ বজালৈ আহিছে এখন বিশেষ ফেন। আজি আমি আপোনালোকক এনে এখন ফেনৰ বিষয়ে ক'ম যিয়ে আপোনাক কম খৰচত আৰু কম বিদ্যুত মাচুলৰ বিময়ত প্ৰদান কৰিব শীতল বায়ু। এই ফেনখন টেবুল ফেন বা চিলিং ফেনতকৈ পৃথক। পানীৰ ছিটিকনিৰে শীতল বতাহ প্ৰদান কৰে।

    বজাৰত বিভিন্ন ধৰণৰ Water Sprinkler Fan উপলব্ধ হৈছে। ৱাটাৰ স্প্ৰিংকলাৰ ফেনে বায়ু আৰু পানী মিহলাই প্ৰদান কৰে ঠাণ্ডা বতাহ। বিয়া বা পাৰ্টীত দেখিবলৈ পোৱা ফেনৰ দৰেই এইখন ফেন।

    এইখন এখন শক্তিশালী শীতল ফেন। ই পানী স্প্ৰে কৰি গৰম বতাহ ঠাণ্ডা কৰে। এই ফেনখনে ঘৰৰ ভিতৰত আৰু বাহিৰত উভয়তে যথেষ্ট শীতলতা প্ৰদান কৰিব পৰাকৈ সক্ষম। ফেনখন পানীৰ টেপৰ লগত সংযোগ কৰা হৈছে, ফেনখনত সৰু সৰু ফুটা আছে। পানীৰ টেপটো অন কৰাৰ পিছত ফেনখন অন কৰাৰ লগে লগে ই পানীৰ বৰষুণৰ সৈতে প্ৰচণ্ড বতাহ দিয়ে। বিশেষ কথাটো হ’ল আপুনি কিমান স্প্ৰিংকলাৰ লাগে সেইটো নিয়ন্ত্ৰণ কৰিব পাৰে। সেই অনুসৰি আপুনি এডজাষ্ট কৰি ল’ব পাৰে সকলো।

    DIY Crafters Fan আমাজনতো উপলব্ধ। ফেনখনৰ মূল্য ৪,১৯৭ টকা, কিন্তু আমাজনৰ পৰা ২৫৮৭ টকাতে ক্ৰয় কৰিব পাৰিব।