ডিজিটেল ডেস্ক: জনপ্ৰিয় মেছেজিং এপ ৱাটচএপৰ সামান্য পদ্ধতিগত পৰিৱৰ্তন দেখা গৈছে৷ ৱাটচএপৰ অন্যতম শ্ৰেষ্ঠ বৈশিষ্ট্য হ’ল ইয়াৰ প্ৰফাইল ফটো৷ সাধাৰণ ভাষাত যাক ডিপি বা ডিচপ্লে’ পিকচাৰ বুলিও কোৱা হয়।
ৱাটচএপৰ এই সুবিধাটো ইমানেই শক্তিশালী যে ডিপি প্ৰস্তুতৰ বাবেও বহুতো এপ উপলব্ধ। আকৰ্ষণীয় ডিপি বনোৱা টিউটোৰিয়েল ভিডিঅ’ও ইউটিউবত উপলব্ধ।
কিন্তু, ডিপিক লৈ ৱাটচএপে আনিছে সীমাবদ্ধতা৷ এতিয়াৰে পৰা ৱাটচএপৰ ডিপিৰ স্ক্ৰীণশ্বট ল’ব নোৱাৰিব ব্যৱহাৰকাৰীয়ে৷ ৱাটচএপ এপটোৰ প্ৰতিবন্ধকতাৰ বাবে ল’ব নোৱাৰিব ডিপিৰ স্ক্ৰীণশ্বট৷
উল্লেখযোগ্য যে এপটোৱে ব্যৱহাৰকাৰীসকলৰ গোপনীয়তাৰ বাবে নিৰন্তৰভাৱে বহুতো সুবিধা আগবঢ়াই থাকে৷ উদাহৰণস্বৰূপে, কেইমাহমান পূৰ্বে ভিউ ৱান্স সুবিধাৰ সৈতে স্ক্ৰীণশ্বট লোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এতিয়া প্ৰ’ফাইল ফটোৰ সৈতে এই নতুন সুবিধা নিশ্চিতভাৱে ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাজনিত দিশত কাৰ্যকৰী হ’ব৷
Leave A Comment