• সূৰ্য্য বয়স: সূৰ্য্যৰ মৃত্যু কেতিয়া হ’ব?এদিন সূৰ্য্যৰো মৃত্যু হ’ব, বিজ্ঞানীসকলে আগবঢ়ালে সূৰ্য্যৰ আয়ুসৰ তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    সূৰ্য্য বয়স: সূৰ্য্যৰ মৃত্যু কেতিয়া হ’ব?এদিন সূৰ্য্যৰো মৃত্যু হ’ব, বিজ্ঞানীসকলে আগবঢ়ালে সূৰ্য্যৰ আয়ুসৰ তথ্য
    ডিজিটেল ডেস্ক: সূৰ্য্যৰ মৃত্যু হ'বনে? কিমান দিনৰ কথা বিজ্ঞানীসকলে ক’লে সূৰ্য্যৰ আয়ুস। সূৰ্য্যৰ বয়স অসীম নহয়। সময়ৰ নিয়ম অনুসৰি এদিন সূৰ্য্যৰো মৃত্যু হ’ব। সেই দিনটো কিমান দূৰত?যদিও এয়া আচৰিত যেন লাগে কিন্তু সচাকৈয়ে সূৰ্য্যৰ বয়স বাঢ়ি গৈ আছে। 

    বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ শক্তিৰ মূল উৎস সূৰ্য্য ক্ৰমান্বয়ে মধ্যবয়স পাৰ হৈ প্ৰাপ্তবয়স্কৰ দিশে আগবাঢ়িছে। ২০১৩ চনত ইউৰোপীয় মহাকাশ সংস্থাই গাইয়া (Gaia Spacecraft ) নামৰ এখন মহাকাশযান মহাকাশলৈ প্ৰেৰণ কৰিছিল। মহাকাশত থকা বিভিন্ন গ্ৰহ আৰু তৰাৰ বিষয়ে তথ্য সংৰক্ষণ কৰাটোৱেই হৈছে এই যানখনৰ প্ৰথম তথা প্ৰধান কাম। বিজ্ঞানীসকলে গাইয়াই প্ৰদান কৰা তথ্যসমূহ বিশ্লেষণ কৰি সূৰ্য্যৰ বয়সৰ অনুমান কৰে।

     ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ বয়স ৪৫ লাখ ৫৭০ কোটি বছৰ। সূৰ্য্যৰ ভিতৰত হাইড্ৰজেন পৰমাণুবোৰ একেৰাহে সংযুক্ত হৈ হিলিয়াম পৰমাণু সৃষ্টি কৰি আছে। বিজ্ঞানৰ ভাষাত এই প্ৰক্ৰিয়াটোক ‘পাৰমাণৱিক সংযোজন’ বোলা হয়। আৰু এই প্ৰক্ৰিয়াত বিপুল পৰিমাণৰ শক্তিৰ সৃষ্টি হয়। বিজ্ঞানীসকলে কয় যে যেতিয়া সূৰ্য্যৰ ভিতৰত হাইড্ৰ’জেনৰ পৰিমাণ কমি যাব তেতিয়া ইয়াৰ প্ৰভাৱ এই প্ৰক্ৰিয়াত পৰিব। আৰু তেতিয়াই সূৰ্য্যটো লাহে লাহে ম্লান হৈ যাব। কিন্তু এই ঘটনা কেতিয়া হ’ব ?
     
    এটা নক্ষত্ৰ কিমান দিন জীয়াই থাকে সেয়া নক্ষত্ৰটোৰ ভৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। বিজ্ঞানীসকলে গাইয়াৰ পৰা আন বহু নক্ষত্ৰৰ বিষয়ে লাভ কৰা তথ্যসমূহ সূৰ্য্যৰ সৈতে তুলনা কৰিছে। আৰু সেই তথ্যই কৈছে যে ৮ বিলিয়ন বছৰৰ পাছত সূৰ্য্যই সৰ্বোচ্চ উষ্ণতাত উপনীত হ’ব। তেতিয়াৰ পৰা সূৰ্য্য ক্ৰমান্বয়ে ঠাণ্ডা হৈ পৰিব। উষ্ণতা কমি যোৱাৰ লগে লগে সূৰ্য্যৰ আয়তন বাঢ়িব। সূৰ্য্যটো ক্ৰমান্বয়ে এটা ৰঙা  তৰালৈ পৰিণত হ’ব। প্ৰায় ১১ বিলিয়ন বছৰ বয়সত সূৰ্য্যৰ সম্পূৰ্ণ মৃত্যু হ’ব।