ডিজিটেল ডেস্কঃ চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিবলৈ মাজত আৰু এটা দিন বাকী আছে৷ অহা ১৪ ফেব্ৰুৱাৰীত হাল্ডিৱানীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অৱশ্যে প্ৰতিযোগিতাৰ বাকী থকা খেলসমুহৰ ফাইনেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷ কাৰ্যতঃ কাইলৈয়ে প্ৰথমবাৰৰ বাবে দেৱভূমিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাপ্ত হ’ব৷
ইফালে, অসমে চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনাও পদক জয়ৰ আশাৰে নেটবলৰ প্ৰতিযোগিতাত অংশ ল’ব৷ অসমৰ মহিলা নেটবল দলে ইতিহাস ৰছনা কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰাৰ পাছত ৰাজ্যৰ মিক্সড দলটোৱেও অন্তিম দিনা পদক দখলৰ আশা সজীৱ কৰি তুলিছে৷ উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হৈছে নেটবলৰ অন্তিমটো ইভেণ্ট মিক্সড শাখাৰ গ্ৰুপৰ খেল৷
আজি অসমে গ্ৰুপৰ প্ৰথম মেচত তেলেংগনাৰ মুখামুখি হয় যদিও ২৬-১৪ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়৷ এই গ্ৰুপৰ বাকী দুটা দল হ’ল কৰ্ণাটক আৰু আয়োজক ৰাজ্য উত্তৰাখণ্ড৷ প্ৰথম মেচৰ পৰাজয়ৰ পাছতো অসমে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি দ্বিতীয় মেচত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কৰ্ণাটকক ৩০-২৮ৰ ব্যৱধানত পৰাস্ত কৰে৷ কাইলৈ পুৱা অসমে অন্তিম গ্ৰুপ মেচখন উত্তৰাখণ্ডৰ বিৰুদ্ধে খেলিব৷ মৰণপন মেচথনত যদি অসম জয়ী হয় তেন্তে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷
উল্লেখ্য যে উত্তৰাখণ্ড আজি হোৱা উভয় মেচতে তেলেংগনা আৰু কৰ্ণাটকৰ বিৰুদ্ধে পৰাস্ত হৈছে৷ দুখন মেচত জয়ৰে তেলেংগনাৰ ছেমিফাইনেলত স্থান নিশ্চিতও হৈছে৷ এই গ্ৰুপৰ কাইলৈ আনখন খেলত তেলেংগনাই খেলিব কৰ্ণাটকৰ বিৰুদ্ধে৷ কাইলৈ কৰ্ণাটক জয় হ’লেও যিহেতু অসমৰ বিৰুদ্ধে পৰাস্ত হৈছে সেয়ে অসমে উত্তৰাখণ্ডৰ বিৰুদ্ধে জয়ী হ’লে সমান পইণ্টৰ সমীকৰণত তেলেংগনাৰ লগত দ্বিতীয়টো দল হিচাপে অসমে ছেমিফাইনেলত প্ৰৱেশ কৰিব৷
বিপৰীতে অসম আৰু কৰ্ণাটক দূয়োটা দল পৰাস্ত হ’লে অসমৰ সুযোগ নাথাকে৷ তেতিয়া উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ মাজত পইণ্টৰ গড় হিচাপ নিৰ্ণয় কৰি ছেমিফাইনেলৰ দলটো নিৰ্বাচন কৰা হ’ব৷ উল্লেখ্য যে চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত কালি অসমৰ মহিলা নেটবল দলে তৃতীয় স্থান নিৰ্ণয়কাৰী মেচখনত পঞ্জাৱৰ লগত ২৩-২৩ত ড্ৰ খেলি ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ এই সফলতাৰে অসমে তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জসহ ৩৪টা পদক লাভ কৰিছে৷
Leave A Comment