• চতুর্থ টি-২০ত ভাৰত জয়ী

    ক্ৰীড়া
    চতুর্থ টি-২০ত ভাৰত জয়ী
    ডিজিটেল ডেস্ক: ইংলেণ্ডক আজি চতুর্থ খেলত ১৫ ৰানত হৰুৱাই ভাৰতে ৫খনীয়া টি-২০ শৃংখলা দখল কৰাটো নিশ্চিত কৰে।

    খেলখনত ভাৰতে প্রথমে বেট ধৰি শিভম ডুবে (৫৩) আৰু হার্ডিক পাণ্ডিয়াৰ (৫৩) এটাকৈ অর্ধ শতৰানৰ সহায়ত ৯ উইকেটত ১৮১ ৰান কৰে।

    ৰিংকু সিঙে ৩০ আৰু অভিষেক শৰ্মাই ২৯ ৰানৰ বৰঙনি যোগায়। ইংলেণ্ডৰ ছাকিব মেহমুদে ৩টা আৰু জেমি অভাৰটনে দুটা উইকেট লাভ কৰে। 

    প্ৰত্যুত্তৰত ইংলেণ্ডে হেৰি ব্ৰুকৰ ৫১ ৰান সত্ত্বেও ১৯.৪ অ'ভাৰত ১৬১ ৰানত অল আউট হয়। 

    ব্ৰুকৰ উপৰি বেন ডাকেটে ৩৯ আৰু ফিলিপ ছল্টে ২৩ ৰান কৰে। ভাৰতৰ ৰবি বিষ্ণই আৰু হৰ্ষিত ৰানাই তিনিটাকৈ উইকেট দখল কৰে। আনহাতে বৰুণ চক্রবর্তীয়ে পায় দুটা উইকেট।

    উৎসঃ দৈনিক জনমভূমি