• আইপিএলত সৰ্বাধিক দামী ৫ গৰাকী ভাৰতীয় খেলুৱৈ ; যুৱৰাজ সিঙৰ অভিলেখ আজিলৈকে নহ’ল ভংগ

    ক্ৰীড়া
    আইপিএলত সৰ্বাধিক দামী ৫ গৰাকী ভাৰতীয় খেলুৱৈ ; যুৱৰাজ সিঙৰ অভিলেখ আজিলৈকে নহ’ল ভংগ
    ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ৰ পূৰ্বে চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ’ব নিলাম। আইপিএলৰ নিয়ম অনুসৰি তিনি বছৰৰ মূৰে মূৰে মেগা নিলামৰ আয়োজন কৰা হয়। এই নিলামত পূৰ্বৰ বহু অভিলেখ ভংগ হোৱাৰ সম্ভাৱনা আছে। জানো আহক আইপিএলৰ নিলামত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ভাৰতীয় খেলুৱৈ কোন কোন।



    IPL 2020: BCCI unveils the new IPL logo | Cricket Times

    এই তালিকাৰ প্ৰথম নামটো হৈছে আইচিচি প্ৰতিযোগিতাত সদায় নিজৰ প্ৰদৰ্শনেৰে ভাৰতীয়ৰ মন জয়ী কৰা বেটছমেন যুৱৰাজ সিঙ। ভাৰতে দুবাৰকৈ বিশ্বকাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যুৱৰাজে। আইপিএলত যুৱৰাজৰ নামত ইমান ৰেকৰ্ড নাই। কিন্তু ২০১৫ চনৰ নিলামত দিল্লীৰ দলে যুৱৰাজক ১৬ কোটি টকাত ক্ৰয় কৰিছিল, যিটো ভাৰতীয় খেলুৱৈৰ ওপৰত এতিয়ালৈকে দিয়া আটাইতকৈ বৃহৎ মূল্য । যুৱৰাজ সিঙে আইপিএলত ১৩২ খন মেচ খেলিছিল, য’ত তেওঁ ১২৬ ইনিংছত ২৭৫০ ৰান সংগ্ৰহ কৰাৰ লগতে নিজৰ নামত ৩৬ টা উইকেটো দখল কৰিবলৈ সক্ষম হৈছিল ৷


    ভাৰতীয় তথা ঝাৰখণ্ডৰ যুৱ খেলুৱৈ ঈশান কিষানে বহু গুৰুত্বপূৰ্ণ অনুষ্ঠানত দলৰ হৈ বহু ইনিংছ খেলিছে। এই যুৱ বেটছমেনগৰাকীয়ে মুম্বাই দলৰ হৈ বহু ছিজন খেলিছে। ঈশানক ২০২২ চনত মুম্বাইয়ে ১৫.২৫ কোটি টকাৰ বিনিময়ত তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল। ঈশানে এই পৰ্যন্ত আইপিএলত মুঠ ১০৫খন মেচ খেলিছে, য’ত তেওঁ ৯৯টা ইনিংছত ২৬৪৪ ৰান সংগ্ৰহ কৰিছে।

    এই তালিকাত এনে ভাৰতীয় বলাৰৰ নাম অন্তৰ্ভুক্ত আছে যিয়ে ভাৰতৰ হৈ অতি কম ক্ৰিকেট খেলিছে। আইপিএলত বহুবাৰ বলিং কৰি বেটছমেনক অশান্তি দিছে হৰ্ষল পেটেলে। তেওঁৰ বহুতো ভিন্নতা আছে, যাৰ বাবে তেওঁৰ বলিং খেলাটো আৰু অধিক কঠিন হৈ পৰে। হৰ্ষলে ২০২৪ চনত পঞ্জাৱ দলৰ হৈ খেলিছিল। পঞ্জাবে তেওঁক ১১.৭৫ কোটি টকাত ক্ৰয় কৰিছিল। তেওঁ এই পৰ্যন্ত আইপিএলৰ ১০৬ খন মেচ খেলিছে, যাৰ বাবে তেওঁৰ নামত ১২৪ টা উইকেট আছে।


    এই পৰ্যন্ত আই পি এলত অতি ভাল ক্ৰিকেট খেলা ভাৰতৰ বাওঁহাতৰ বলাৰ ৰাজস্থান ৰয়েলছত জয়দেৱ উনাদকটক তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰে ১১ কোটি ৫০ লাখ টকাৰ বিনিময়ত। ৩২ বছৰীয়া জয়দেৱ উনাদকট গুজৰাটৰ পৰা আহিছে। তেওঁ বাওঁহাতৰ বেগী বলাৰ। ২০১০ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতৰ হৈ খেলিছিল জয়দেৱে। আই পি এলত প্ৰথমবাৰৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলাৰ সুযোগ পালে তেওঁ, আই পি এলত মুঠ ১০৫খন মেচ খেলি তেওঁৰ নামত ৯৯টা উইকেট আছে।


    ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলৰ হৈ গুৰুত্বপূৰ্ণ ইনিংছ খেলা ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। গৌতম গম্ভীৰক ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছে ১১ কোটি টকাৰ বৃহৎ মূল্যত তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল। সেই ছিজনত নিলামত বিক্ৰী হোৱা আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল তেওঁ। কেকেআৰত যোগদান কৰাৰ পিছত গম্ভীৰ অধিনায়কত্বত দুবাৰকৈ আইপিএলৰ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে। গম্ভিৰে আই পি এলত ১৫৮খন খেল খেলিছে, য’ত তেওঁ ৪২১৭ ৰান সংগ্ৰহ কৰিছে ৷