• গৌতম গম্ভীৰক লৈ পুনৰ মন্তব্য কৰিলে শ্বাহিদ আফ্ৰিদীয়েঃ ২০০৭ চনৰ সংঘাত সম্পৰ্কে কি ক’লে পাকিস্তানৰ তাৰকাগৰাকীয়ে?

    ক্ৰীড়া
    গৌতম গম্ভীৰক লৈ পুনৰ মন্তব্য কৰিলে শ্বাহিদ আফ্ৰিদীয়েঃ ২০০৭ চনৰ সংঘাত সম্পৰ্কে কি ক’লে পাকিস্তানৰ তাৰকাগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও শ্বাহিদ আফ্ৰিদী আৰু গৌতম গম্ভীৰৰ ‘বন্ধুত্ব’ এতিয়াও আছে। 'বন্ধুত্ব’ৰ লগে লগে দুয়োৰে আছে তীব্ৰ কথা কটা-কটিৰো। শেহতীয়াকৈ পুনৰ পাকিস্তানৰ তাৰকাগৰাকীয়ে গম্ভীৰক উদ্দেশ্যি বিশেষ মন্তব্য কৰে। অৱশ্যে তাৰ কোনো উত্তৰ এতিয়াও দিয়া নাই ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে।

    এক সাক্ষাৎকাৰত আফ্ৰিদীয়ে কয়- ''ক্ৰিকেটত এনে বহু কথা ঘটে। ছ’চিয়েল মিডিয়াত আমাৰ এই কাজিয়াক বৃদ্ধি কৰা হ’ল। গম্ভীৰ এজন বেলেগ ধৰণৰ মানুহ। সাধাৰণ ক্ৰিকেটাৰৰ পৰা পৃথক। ভাৰতীয় দলটোৱেও গম্ভীৰ সম্পৰ্কে এনে  ধাৰণাই লয়। কিন্তু মই ভাবো এতিয়া এই সকলোবোৰ কথা কোৱাৰ কোনো লাভ নাই। আমি ইতিবাচক কথাবোৰ আলোচনা কৰা উচিত।"

    গম্ভীৰ এতিয়া আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গুৰু। আফ্ৰিদি পাকিস্তানৰ প্ৰাক্তন নিৰ্বাচক। চলিত বৰ্ষৰ মাৰ্চ মাহত পূৰ্বৰ ক্ৰিকেটাৰ লীগত মুখামুখি হৈছিল। আফ্ৰিদীয়ে অৱশ্যে গম্ভীৰক প্ৰশংসাও কৰে। তেওঁ কয়, ‘গম্ভীৰৰ দৰে অতি কম সংখ্যক ভাৰতীয় বেটছমেনৰ টাইমিং আছে। এজন মহান ক্ৰিকেটাৰ।”

    ২০০৭ চনত পাকিস্তানে ভাৰতত খেলিবলৈ আহিছিল। সেই সময়ত এদিনীয়া খেলৰ সময়ত আফ্ৰিদী আৰু গম্ভীৰৰ মাজত কাজিয়া হৈছিল। খেলপথাৰৰ বাহিৰতো যুঁজখন চলি থাকিল। ১৬ বছৰৰ পাছতো সেই যুঁজৰ জ্বৰ কমি যোৱা নাই।