• শেষ হ’ল এছেজ, থাকি গ’ল বিতৰ্ক! পঞ্চম টেষ্টৰ নিৰ্ণায়ক মুহূৰ্তত ব্যৱহৃত বল সলনি কৰাক লৈ দুভাগত বিভক্ত ক্ৰিকেট বিশ্ব

    ক্ৰীড়া
    শেষ হ’ল এছেজ, থাকি গ’ল বিতৰ্ক! পঞ্চম টেষ্টৰ নিৰ্ণায়ক মুহূৰ্তত ব্যৱহৃত বল সলনি কৰাক লৈ দুভাগত বিভক্ত ক্ৰিকেট বিশ্ব
    ডিজিটেল ডেস্কঃ এছেছৰ পঞ্চম টেষ্টত অভাৱনীয় পৰাজয় ঘটে অষ্ট্ৰেলিয়াৰ। কিন্তু দলৰ ক্ৰিকেটাৰসকলে এই পৰাজয়ত একমত হ’ব পৰা নাই। ইয়াৰ আঁৰত খেলখনত ‘নতুন’ বলক দোষাৰোপ কৰে উছমান খোৱাজাই। তেওঁৰ মতে আইচিচিয়ে এই বিষয়টো চোৱা উচিত। ৰিকি পণ্টিঙেও প্ৰায় একেখিনি কথাই কৈছিল।

    উল্লেখ্য যে বৰষুণৰ বাবে দেওবাৰে বেছি অভাৰ খেলা নহ’ল। কিন্তু সেইদিনা খেলি থকা বলটোৰ আকৃতি ক্ষতিগ্ৰস্ত হোৱাৰ বাবে সলনি হৈছিল। সেই বলটো সোমবাৰে অষ্ট্ৰেলিয়াৰ বাবে মাৰাত্মক হৈ পৰে।

    মেচৰ অন্তত বিচলিত খোৱাজাই কয়, ''বল সলনি কৰাৰ সময়ত আম্পায়াৰ কুমাৰ ধৰ্মসেনাৰ সৈতে কথা পাতিছিলো। মই গোটেই এছেছ শৃংখলা অপেনিং কৰিছো। নতুন বলে বেটত কেনেকৈ খুন্দা মাৰে মই জানো। এই বলটোৱেই একেধৰণেই শব্দ কৰিছিল।’’

    উল্লেখ্য যে দেওবাৰে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ ৩৭ নং অভাৰত মাৰ্ক উডৰ বাউন্সাৰে খোৱাজাক হেলমেটত আঘাত কৰে। অন-ফিল্ড আম্পায়াৰ দুজন জোৱেল উইলছন আৰু ধৰ্মসেনাই হেলমেটত খুন্দা মৰাৰ পিছত বলৰ আকৃতি সলনি হোৱা বুলি অনুভৱ কৰে। গতিকে তেওঁলোকে বল সলনি কৰাৰ সিদ্ধান্ত ল’লে।

    ইয়াৰ পিছত বৰষুণৰ বাবে চতুৰ্থ দিনটোত বেছি অভাৰ খেলা নহ’ল। সোমবাৰৰ পৰা যেতিয়া বল খেল আৰম্ভ হৈছিল তেতিয়া আকাশখন মেঘময় হৈ পৰিছিল। বহুতৰ মতে ইংলেণ্ডে অতিৰিক্ত সুবিধা লাভ কৰিছিল।

    খাৱাজাই কয়- ''ক্ৰিকেটত সেয়া হ’ব পাৰে। আশাকৰোঁ আইচিচিয়ে বল সলনিৰ নিয়মৰ বিষয়ে কিছু চিন্তা কৰিব।’’