• মহিলাৰ ২৩ বছৰ অনূৰ্ধ্ব টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ দল ঘোষণা

    ক্ৰীড়া
    মহিলাৰ ২৩ বছৰ অনূৰ্ধ্ব টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ দল ঘোষণা
    ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাই ৫ জানুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বিচিচিআই মহিলাৰ ২৩ বছৰ অনূৰ্ধ্ব টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ দলটোৰ লগতে অতিৰিক্ত খেলুৱৈ আৰু সহযোগী ষ্টাফৰ নাম প্ৰকাশ কৰিছে ।

    খেলুৱৈসকল : উমা চেত্ৰী-(অধিনায়ক আৰু উইকেটকীপাৰ ), ৰশ্মি দে (উপ অধিনায়ক ), প্ৰিয়ংকা বৰুৱা, গায়ত্ৰী গুৰুং, মাইনা নৰহ ( উইকেটকীপাৰ ), খুছি শৰ্মা, মৌচুমী নৰহ, হেমলতা পায়েং, ফ্লৰিনা টায়ে, ৰীমা পেগু, শিৱানী বিষ্ণয়, মাইনী পায়েং, পাহাৰী শইকীয়া, ভাগ্যশ্ৰী বৰ্মন আৰু ডিম্পী ভূঞা ।

    অতিৰিক্ত খেলুৱৈ : দিয়া বৰ্মন, বিংকিমনি শইকীয়া, সুনীতা ফুকন, প্ৰিয়ংকা দত্ত, মুস্কান মল্লিক, স্বস্তিকা গগৈ, সংগীতা শইকীয়া, চয়নিকা ডেকা, নিবেদিতা ডেকা আৰু জ্যোতি দেৱী ।

    সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক: প্ৰীতম গান্ধে; প্ৰশিক্ষক : ঋতু ধ্ৰুব; ট্ৰেইনাৰ : জয়দীপ বৰুৱা; ফিজিঅ’: ড০ গীতা প্ৰিয়দৰ্শিনী বেজবৰুৱা; ক্ৰীড়া মনোবিজ্ঞানী : মীনাক্ষী ঘোষ; মালিচ থেৰাপিষ্ট  অনামিকা বৰ্মন দাস আৰু মেনেজাৰ: মেহদী মাছুদ আহমেদ ।

    অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।