ডিজিটেল ডেস্ক: গোৱাৰ পানজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে মুঠ নটা পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰিছে৷ ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেৰ নেতৃত্বত যোৱা অসমৰ দলটোৱে তিনিটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷
মঙলবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ কৃষ্ণ দাসে দুটাকৈ সোণ লাভ কৰিবলৈ সক্ষম হয়৷ তিনিদিনীয়া প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে জুনিয়ৰ ল’ৰাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰা কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইল শাখাতো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়৷ ইফালে, সূৰ্য শইকীয়াই অসমৰ হৈ তৃতীয়টো সোণ অৰ্জন কৰে৷ তেওঁ ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০ মিটাৰ ফ্ৰীষ্টাইল শাখাতো ৰূপ অৰ্জন কৰিবলৈ সক্ষম হয়৷
আনহাতে ইয়েছমিন খাতুনে তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ জুনিয়ৰ ছোৱালীৰ শাখাত খেলা ইয়েছমিনে এশ মিটাৰ বেষ্ট ষ্ট্ৰ’ক আৰু ফ্ৰীষ্টাইলত দ্বিতীয় হোৱাৰ লগতে ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত তৃতীয়টো ৰূপৰ পদক অৰ্জন কৰে৷ আনহাতে, ছিনিয়ৰ মহিলাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত অসমৰ ছাজিদা বেগম তথা ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত প্ৰীতি দাসে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷
অসমৰ পেৰা সাঁতোৰ খেলুৱৈৰ এই গৌৰৱময় সফলতাৰ বাবে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিনিকি ভূঞা শৰ্মাই অভিনন্দন জনাইছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ আঠজনীয়া এটা দলে অংশ লৈছিল৷ গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ সদৌ অসম পেৰা ক্ৰীড়া প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতে অসম পেৰালিম্পিক সন্থাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে দলটো নিৰ্বাচন কৰিছিল৷
Leave A Comment