• টেবুল টেনিছৰ গ্ৰুপ মেচত অসমৰ জয়; ৰাষ্ট্ৰীয় ক্ৰীড়াত সৰ্বাধিক অংশ লোৱাৰ অভিলেখ বনগীতাৰ

    ক্ৰীড়া
    ডিজিটেল ডেস্কঃ অসমৰ মহিলা লনবল খেলুৱৈ বনগীতা হাজৰিকাই ৰাজ্যৰ হৈ সৰ্বাধিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লৈ অভিলেখ গঢ়াৰ লগতে ভাৰতীয় ক্ৰীড়াতো এই সফলতাৰে অনন্য কৃতিত্ব অৰ্জন কৰিছে৷ চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত শনিবাৰে বনগীতাই মহিলাৰ ডাবলছত সতীৰ্থ নয়নমনি শইকীয়াৰ লগত যুটি বান্ধি সোণৰ পদক লাভ কৰে৷

    উল্লেখ্য যে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া বনগীতাৰ কেৰিয়াৰৰ ষষ্ঠখন গেমছ৷ ২০০৭ ত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ লনবলত অংশ লৈ বৰ্ণিল কেৰিয়াৰৰ আৰম্ভনি কৰা বনগীতাই ক্ৰমাগত ছখন ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালকৈ প্ৰতিখন গেমছতে পদক অৰ্জনো কৰিবলৈও সক্ষম হৈছে৷

    ২০০৭ ৰ পৰা ২০২৫ লৈ ১৮ বছৰীয়া বিৰামহীন ক্ৰীড়া যাত্ৰাত বনগীতাই ৰাষ্ট্ৰীয় ক্ৰীড়াত চাৰিটা সোণৰ লগতে তিনিটা ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ অভিষেক ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ জয়ৰে কেৰিয়াৰৰ আৰম্ভনি কৰা অসম কন্যাই উত্তৰাখণ্ডতো ৰাজ্যক সোণ দিবলৈ সক্ষম হয়৷ ইয়াৰপূৰ্বে ২০১১ ৰ ঝাৰখণ্ড আৰু ২০২৩ ৰ গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াতো তেওঁ সোণ লাভ কৰিছিল৷ বিপৰীতে ২০১৫ ৰ কেৰালা তথা ২০২২ ৰ গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপ জয় কৰে৷ গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱা দুজন খেলুৱৈয়ে এইবাৰ উত্তৰাখণ্ডৰ অসম দলত আছে৷ এগৰাকী বনগীতা আৰু আনগৰাকী অসম দলৰ চিফ দ্য মিছন অভিজিত ভট্টাচাৰ্য৷

    ইফালে, চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি অসমৰ পুৰুষ দলে টেবুল টেনিছৰ গ্ৰুপ মেচত অংশ লৈ প্ৰথমখন খেলত উত্তৰ প্ৰদেশক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে৷ শাংকব গৌতম বৰুৱাই ১১-৭, ৭-১১, ১১-২, ১১-৩ ত জয়লাভ কৰি অসমক আৰম্ভনি দিয়াৰ পাছত অগ্নিৱ ভাস্কৰ গোঁহায়ে ১১-৩, ১১- ৯, ১৩-১১ ৰ পোনপটীয়া ব্যাৱধানত জয়ৰে অগ্ৰগতি ২-০ কৰে৷ আনহাতে, প্ৰিয়ানুজ ভট্টাচাৰ্যই পাঁচটা ছেটৰ মাৰাথন মেচত ১১- ৯, ৮-১১,  ৯-১১, ১২-১০, ১১-৮ ত জয়লাভ কৰি অসমক গুৰুত্বপূৰ্ণ জয় দিয়ে৷ গ্ৰুপৰ বাকী দুখন মেচ অসমে তেলেংগনা আৰু তামিলনাডুৰ বিৰুদ্ধে খেলিব৷ ইফালে, মহিলাৰ লং জাম্পত অসমৰ অম্বিকা নাৰ্জাৰীয়ে ৬.০৩ মিটাৰৰ প্ৰদৰ্শনৰে চতুৰ্থ স্থানত থাকে৷
    sv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88sv388live casino onlinesv388live casino online