• বিৰাট কোহলীৰ পিছত লক্ষ্য ৰবীন্দ্ৰ জাদেজা ; সংবাদমেলত হিন্দীত উত্তৰ দিয়াৰ বাবে অভিযোগ উত্থাপন

    ক্ৰীড়া
    ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে ভাৰতীয় ক্ৰিকেটাৰৰ লগত বেয়া আচৰণ কৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ তাৰকা খেলুৱৈ বিৰাট কোহলীৰ এগৰাকী মহিলা সাংবাদিকৰ সৈতে হোৱা বিবাদো পোহৰলৈ আহে। আচলতে বিৰাটে নিজৰ সন্তানক কেমেৰাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু এই সময়ছোৱাত তেওঁ কৈছিল, "মোৰ সন্তানৰ লগত কিছু গোপনীয়তা বিচাৰো, মোক নোসোধাকৈ ফটো তুলিব নোৱাৰিব।" 

    চতুৰ্থ টেষ্টৰ বাবে মেলবৰ্ণত উপস্থিত হৈছে ভাৰতীয় দল। ইয়াৰ সমান্তৰালকৈ মেলবৰ্ণ ক্ৰিকেট খেলপথাৰতো পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ হৈছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত এতিয়ালৈকে স্ক’ৰ ১-১, যাৰ বাবে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত হতাশাৰ পৰিৱেশ বিৰাজ কৰিছে। ইফালে অষ্ট্ৰেলিয়াৰ সংবাদমেলে ভাৰতীয় খেলুৱৈক লক্ষ্য কৰি লোৱাত ব্যস্ত। বিৰাট কোহলীৰ পিছত এতিয়া ৰবীন্দ্ৰ জাদেজাকো অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে লক্ষ্য কৰিছে।

    সংবাদমেলত ৰবীন্দ্ৰ জাদেজাই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে। সংবাদ মাধ্যমৰ মতে এই সংবাদমেলত অষ্ট্ৰেলিয়াৰ সাংবাদিকৰ পৰা কোনো প্ৰশ্ন লোৱা হোৱা নাছিল। যদিও তাত তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছিল। ইয়াৰ উপৰিও ভাৰতীয় সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰ কেৱল হিন্দী ভাষাত দিয়া বুলিও অভিযোগ উত্থাপন হৈছে। আনহাতে তেওঁ ইংৰাজীত কোনো উত্তৰ দিয়া নাই। অষ্ট্ৰেলিয়াৰ সাংবাদিকসকলে কয় যে জাডেজাই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰিছিল আৰু ইয়াক উপযুক্ত বুলি বিবেচনা কৰা নাছিল।

    একে সময়তে অষ্ট্ৰেলিয়াত উপস্থিত ভাৰতীয় সাংবাদিকসকলে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে। তেওঁ কয় যে এই সংবাদমেলৰ বাবে কেৱল ভাৰতীয় সংবাদিকসকলকহে নিমন্ত্ৰণ কৰা হৈছিল। তেওঁ লগতে কয় যে ৰবীন্দ্ৰ জাদেজাই সাধাৰণতে হিন্দীত উত্তৰ দিয়ে সেইবাবে ভাৰতীয় সাংবাদিকসকলেও তেওঁক কেৱল হিন্দীত প্ৰশ্ন কৰিছিল আৰু জাদেজাই একে ভাষাতে উত্তৰ দিছিল।

    অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে ভাৰতীয় ক্ৰিকেটাৰৰ লগত বেয়া আচৰণ কৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ তাৰকা খেলুৱৈ বিৰাট কোহলীৰ এগৰাকী মহিলা সাংবাদিকৰ সৈতে হোৱা বিবাদো পোহৰলৈ আহে। আচলতে বিৰাটে নিজৰ সন্তানক কেমেৰাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু এই সময়ছোৱাত তেওঁ কৈছিল, "মোৰ সন্তানৰ লগত কিছু গোপনীয়তা বিচাৰো, মোক নোসোধাকৈ ফটো তুলিব নোৱাৰিব।"