• ২৬ খন মেচত গড়ে ৬১.৪৫ ৰাণ! অভিলেখ গঢ়িলে শুবমান গীলে, অতিক্ৰম কৰিলে বাবৰ আজমক

    ক্ৰীড়া
    ২৬ খন মেচত গড়ে ৬১.৪৫ ৰাণ! অভিলেখ গঢ়িলে শুবমান গীলে, অতিক্ৰম কৰিলে বাবৰ আজমক
    ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন দুজনৰ ভিতৰত অন্যতম আছিল শুবমান গিল। তেওঁ ৩৪ ৰান সংগ্ৰহ কৰি ইনিংছ মুকলি কৰে। কিন্তু দলৰ বাকী বেটছমেনৰ ব্যর্থতাৰ বাবে ভাৰতে খেলখনত পৰাস্ত হ’বলগীয়া হৈছিল৷ শুবমানে ৩৪ ৰান সংগ্ৰহ কৰি পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ বিশ্ব অভিলেখ ভংগ কৰে।

    ২৬খন এদিনীয়া খেলৰ অন্তত গীলে ১৩৫২ ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছে। এই অভিলেখ ইমান দিনে বাবৰৰ হাতত আছিল। গীলৰ গড় ৰাণ ৬১.৪৫। 

    আনহাতে ২৬খন মেচৰ পাছত বাবৰৰ ৰান আছিল ১৩২২। কেৱল সেয়াই নহয়, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলৰ পিছত গীলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০০ ৰান অতিক্ৰম কৰে। ৬৫খন আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁৰ ২৫২০ ৰান।

    এই তালিকাত ইংলেণ্ডৰ জনাথন ট্ৰট তৃতীয় স্থানত আছে। ২৬ ইনিংছৰ পিছত তেওঁৰ ৰান ১৩০৩ ৰান। চাৰি নম্বৰ পাকিস্তানৰ ফখৰ জামান। তেওঁৰ ৰান  ১২৭৫ ৰান। পাঁচ নম্বৰ স্থানত আছে দক্ষিণ আফ্ৰিকাৰ ৰাছি ভান ডেৰ ডুচেন। ২৬ ইনিংছৰ অন্তত তেওঁ ১২৬৭ ৰান সংগ্ৰহ কৰে।

    বাৰ্বাডোছৰ প্ৰথমখন এদিনীয়া খেলত ভাৰতে সহজ জয় লাভ কৰিছিল যদিও দ্বিতীয়খন খেলত পৰাস্ত হৈছিল ভাৰতে। বেটিং ব্যৰ্থতাত ডুব গৈছে দলটো। প্ৰথমে বেটিং কৰি ভাৰতে ১৮১ ৰাণত অল আউট হৈছিল। কেৱল ঈশানেহে অৰ্ধশতক অৰ্জন কৰে।

    ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে শ্বাই হোপৰ অৰ্ধশতকেৰে ৬ উইকেটত জয়লাভ কৰি শৃংখলাৰ সমতা স্থাপন কৰে। মঙলবাৰে তৃতীয়খন মেচ নিৰ্ণায়ক হ’ব।