• ব্ৰীজভূষণ কাণ্ডঃ দিল্লী আৰক্ষীৰ অভিযোগনামাৰ বিষয়ে সুধিবলৈ যোৱা সাংবাদিকক অশালীন আচৰণ, ভাঙিলে সাংবাদিকৰ মাইক

    ক্ৰীড়া
    ব্ৰীজভূষণ কাণ্ডঃ দিল্লী আৰক্ষীৰ অভিযোগনামাৰ বিষয়ে সুধিবলৈ যোৱা সাংবাদিকক অশালীন আচৰণ, ভাঙিলে সাংবাদিকৰ মাইক
    ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙে পুনৰ নিজৰ দম্ভালি প্ৰদৰ্শন কৰিছে। যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা সন্দর্ভত প্রশ্ন সোধাত এগৰাকী সাংবাদিকৰ মাইক ভাঙি দিয়াৰ এটা ভিডিঅ’ শেহতীয়াকৈ প্ৰকাশ পাইছে। 

    ১২ বছৰ ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নেতৃত্বত থকা সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বিনয়ৰ ক্ষোভৰ উদ্দেশ্যেৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৩৫৪এ (যৌন নিৰ্যাতন) আৰু ৩৫৪ডি (ষ্টকিং) ধাৰাত অভিযোগ উত্থাপন হৈছে। ৩৫৪ ধাৰাত দোষী সাব্যস্ত হ’লে সৰ্বোচ্চ পাঁচ বছৰ, ৩৫৪ এ ধাৰাত তিনি বছৰ আৰু ৩৫৪ ডি ধাৰাত তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব।

    তাৰপাছতে টাইমছ নাওৰ এগৰাকী সাংবাদিকে সিঙক সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিব নেকি বুলি সোধে। প্ৰশ্নটোত ক্ষুব্ধ হৈ পৰা সিঙে কয়, “মই কিয় পদত্যাগ কৰিম? কিয় পদত্যাগ কৰাটো বিচাৰিছে?”

    সাংবাদিকগৰাকীয়ে দিল্লী আৰক্ষীৰ অভিযোগনামাৰ বিষয়ে ক’বলৈ চেষ্টা কৰাৰ সময়তে সাংসদজনে “চুপ’’ বুলি কৈ দম্ভালি মাৰে। উত্তৰ পাবলৈ সাংবাদিকগৰাকী সিঙৰ পাছে পাছে তেওঁৰ গাড়ীৰ ওচৰলৈ লৈ যায়। তেনে সময়তে তেওঁ সাংবাদিকগৰাকীৰ মাইকটো দলিয়াই ভাঙি পেলায়।

    টাইমছ নাও-ত উক্ত ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে- “কল্পনা কৰকচোন যেতিয়া তেওঁৰ কেমেৰাত এগৰাকী মহিলা সাংবাদিকৰ সৈতে এনে আচৰণ কৰাৰ সাহস থাকে, তেনেস্থলত তেওঁ কেমেৰাৰ বাহিৰত মহিলাৰ সৈতে কেনে আচৰণ কৰি আছে! এই মানুহজনৰ ঠাই সংসদত নহয়, বৰঞ্চ জেলত হ’ব লাগে।’’

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor