• পুনৰ খেলোৱা হ’ব নেকি চেম্পিয়নছ লীগ টি-২০? আইপিএলৰ মাজতে ক্ৰিকেট জগতত নতুন চৰ্চা

    ক্ৰীড়া
    পুনৰ খেলোৱা হ’ব নেকি চেম্পিয়নছ লীগ টি-২০? আইপিএলৰ মাজতে ক্ৰিকেট জগতত নতুন চৰ্চা
    ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ জগতলৈ ঘূৰি আহিছে নেকি চেম্পিয়নছ লীগ টি-২০? শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এজন বছৰ মন্তব্যত এনে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ভাৰতলৈ অহাৰ পিছত বিষয়াগৰাকীয়ে কয় যে ক্ৰিকেট অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ইণ্ডিয়ান ব’ৰ্ডে চেম্পিয়নছ লীগ ঘূৰাই অনাৰ বাবে আলোচনা কৰি আছে। অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব পাৰে।

    ক্ৰিকেট ক্লাব ইণ্ডিয়াত মুকলি হ’ল মেলবৰ্ণ ক্ৰিকেট একাডেমীৰ এটা শাখা। তাত উপস্থিত হৈ ক্ৰিকেট ভিক্টোৰিয়াৰ চিইঅ’ নিক কামিন্সে কয় যে দহ বছৰ বন্ধ হোৱাৰ পিছত এই প্ৰতিযোগিতা পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজন আছে। প্ৰথম সংস্কৰণত মহিলা ক্ৰিকেটাৰৰ সৈতে চেম্পিয়নছ লীগৰ আয়োজন কৰিব পৰা যাব বুলি ইংগিত দিয়ে। ইয়াৰ পিছত পুৰুষসকলে খেলিব।

    আই পি এল আৰম্ভ হোৱাৰ পিছত পিছত চেম্পিয়নছ লীগ আৰম্ভ হয়। বিভিন্ন দেশৰ ফ্ৰেঞ্চাইজিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ তিনিটা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা দুটাকৈ আৰু পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতা শেষবাৰৰ বাবে ২০১৪ চনত অনুষ্ঠিত হৈছিল। সেইবাৰ চেন্নাইয়ে কলকাতাক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।