• একচন হিৰ’ মহেন্দ্ৰ সিং ধোনী! অচিৰেই চিনেমা জগতত প্ৰৱেশ কৰিব নেকি কিংম্বদন্তি ক্ৰিকেট তাৰকাগৰাকী?

    ক্ৰীড়া
    একচন হিৰ’ মহেন্দ্ৰ সিং ধোনী! অচিৰেই চিনেমা জগতত প্ৰৱেশ কৰিব নেকি কিংম্বদন্তি ক্ৰিকেট তাৰকাগৰাকী?
    ডিজিটেল ডেস্কঃ ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ক্ৰিকেট জগতৰ কিংম্বদন্তি হোৱাৰ পিছতো ধোনী সদায় অন্তৰ্মুখী। অৱসৰৰ পিছত তেওঁ লাইমলাইটৰ পৰা আৰু আঁতৰি ফুৰিছে।

    শেহতীয়াকৈ তেওঁৰ পত্নী সাক্ষী সিং ধোনীয়ে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰে। সাক্ষীয়ে তামিল ছবি ‘এল জি এম (লেটছ গেট মেৰেড)’ৰ জৰিয়তে প্ৰযোজক হিচাপে অভিষেক ঘটাব। পত্নী প্ৰডাকচনত ব্যস্ত, ধোনীকো সোনকালে ডাঙৰ পৰ্দাত দেখা যাব নেকি?

    এই দেশত ধোনী অনুৰাগীৰ সংখ্যা কম নহয়। তেওঁলোকৰ এটা বৃহৎ অংশই ৰূপালী পৰ্দাত ধোনীক চাব বিচাৰে।  শেহতীয়াকৈ এক সাক্ষাৎকাৰত সাক্ষীয়ে কয় যে অদূৰ ভৱিষ্যতে ধোনীক চিনেমাৰ পৰ্দাত দেখা পোৱা যাব। সাক্ষীয়ে ক'লে- ''ধোনী কেমেৰাৰ সন্মুখত বৰ সাৱলীল। গতিকে ভাল চিত্ৰনাট্য আৰু চৰিত্ৰত কাম কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিব পাৰি।’’

    ২০০৬ চনৰ পৰা ধোনীয়ে বিভিন্ন কোম্পানীৰ বিজ্ঞাপনত কাম কৰি আহিছে। ধোনীয়ে কেমেৰাৰ সন্মুখলৈ যাবলৈ ভয় বা লাজ নকৰে বুলি সাক্ষীয়ে কয়।

    কেনেধৰণৰ ছৱিত দেখা পোৱা যাব পাৰে ধোনীক? সাক্ষীয়ে ক'লে, "একচন! ধোনী সদায় সেই আমেজত থাকে।'' অৱশ্যে ধোনিৰ বহু অনুৰাগীয়ে মাহীক ছুপাৰহিৰোৰ চৰিত্ৰত চাবলৈ আগ্ৰহী।

    সাক্ষীয়ে এখন তামিল ছবি নিৰ্মাণ কৰি মনোৰঞ্জন জগতত আত্মপ্ৰকাশ কৰে। ‘চেন্নাই ছুপাৰ কিংছ’ৰ সৌজন্যত তামিলনাডুৰ সৈতে ধোনীৰ আধ্যাত্মিক সম্পৰ্ক আছে বুলি দাবী কৰিছে সাক্ষীয়ে। গতিকে মাহীয়ে প্ৰথমে নিজৰ তামিল অনুৰাগীসকলৰ আগত এখন ছবি উপস্থাপন কৰিব বিচাৰিছিল।