• প্ৰথম বাৰৰ বাবে ডিফুত অনুষ্ঠিত হ’ল; আই-লিগ-৩

    ক্ৰীড়া
    প্ৰথম বাৰৰ বাবে ডিফুত অনুষ্ঠিত হ’ল; আই-লিগ-৩
    ডিজিটেল ডেস্ক: ভাৰতৰ দ্বিতীয় স্তৰৰ পেছাদাৰী ফুটবল লীগ 'আই-লীগ' পোন প্ৰথম বাৰৰ বাবে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হৈ যায়।কাৰ্বি আংলং জিলাত প্ৰথমবাৰ অনুষ্ঠিত হোৱা আই লিগ-৩ ৰ গ্ৰুপ ডি খেল বুধবাৰে সামৰণি পৰে ৷

    আই-লিগ-৩ ছেপ্তেম্বৰ ৩ তাৰিখৰ পৰা ডিফুৰ কাছা ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়৷ দেশৰ আগশাৰীৰ পেচাদাৰী এই ৩ গ্ৰুপ ডি ৰ খেলত দুটাকৈ ফুটবল ক্লাবৰ ৰ ফাইনেল ৰাউণ্ড খেলাৰ যোগ্যতা অৰ্জনকৰিছিল৷ ফাইনেল ৰাউণ্ড খেলাৰ যোগ্যতা অৰ্জন কৰিছিল মণিপুৰৰ ক্লাছা এফচি আৰু অসমৰ মৰ্ণিংষ্টাৰ এফচি'য়ে৷ 

    আই-লিগ-৩ ৰ গ্ৰুপ ডি  খেলৰ দিবা নৈশ অন্তিম দুখন খেল বুধবাৰে অনুষ্ঠিত হৈছিল৷ এখনত ক্লাছা এফচি’য়ে ইলাট এফচি’ক ১-০ গ’লত পৰাস্ত কৰি ডি গ্ৰুপৰ শ্ৰেষ্ঠ দলৰ যোগ্যতা অৰ্জনকৰিছিল৷ আনখনত ভুনা এফচি’ক ৮-০ গ’লত পৰাস্ত কৰি দ্বিতীয় শ্ৰেষ্ঠ দলৰ যোগ্যতা অৰ্জন কৰিছিল মৰ্ণিং ষ্টাৰ এফচি’য়ে৷ মুঠতে গ্ৰুপ ডি ৰ খেলত ক্লাছা এফচি’য়ে ১০ নম্বৰ আৰু মৰ্ণিং ষ্টাৰ এফচি’য়ে লাভ কৰে ৯ নম্বৰ লাভ কৰিছিল৷ উল্লেখযোগ্য যে ডিফুত অনুষ্ঠিত আই-লিগ-৩ ৰ গ্ৰুপ ডি ত পাঁচটা এফচি’ৰ মাজত অনুষ্ঠিত হৈছিল খেল৷ 

    প্ৰসংগ ক্ৰমে ‘আই-লিগ’ ভাৰতৰ দ্বিতীয় স্তৰৰ পেচাদাৰী ফুটবল লীগ, আৰু লীগ এই অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে(AIFF)আয়োজন কৰে।  হৈছিল নেচনেল ফুটবল লীগৰ পাছতে ২০০৭ চনত স্থাপন কৰা হৈছিল ‘আই-লিগ’। এই লীগত দেশৰ বিভিন্ন প্ৰান্তৰ ১২ টা ক্লাবে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে আইজল এফ চিয়ে ২০১৬-২০১৭ চিজনত আই-লিগ খিতাপ জয় কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ক্লাব হিচাপে পৰিগণিত হৈছিল।