• কালিৰে পৰা আইপিএলৰ মহাৰণঃ কিন্তু খেলপথাৰত দেখা পোৱা নাযাব এইসকল পৰিচিত তাৰকাক! চাও আহক সম্পূৰ্ণ তালিকা

    ক্ৰীড়া
    কালিৰে পৰা আইপিএলৰ মহাৰণঃ কিন্তু খেলপথাৰত দেখা পোৱা নাযাব এইসকল পৰিচিত তাৰকাক! চাও আহক সম্পূৰ্ণ তালিকা
    ডিজিটেল ডেস্কঃ কালিৰে পৰা আৰম্ভ হ’ব আইপিএলৰ মহাৰণ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৬ সংখ্যক সংস্কৰণৰ প্ৰথমখন মেচত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ বিৰুদ্ধে চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে খেলিব। এইবাৰৰ আইপিএলত দেখা পোৱা নাযাব কেইবাগৰাকীও তাৰকা খেলুৱৈক৷ তেওঁলোকৰ অনুপস্থিতিয়ে হতাশ কৰিছে অনুৰাগীসকলক৷

    দেলহী কেপিটেলছৰ অধিনায়ক তথা উইকেটৰক্ষক ঋষভ পন্ত হস্পিতালত আছে৷ দলটোৰ বাবে এয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে৷ ২০২২ চনৰ ডিচেম্বৰ মাহত পণ্টে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় যাৰ ফলত লিগামেণ্ট ফাটি যায় আৰু তেতিয়াৰ পৰাই তেওঁ খেলৰ পৰা আঁতৰি আছে। দিল্লী কেপিটেলছৰ হৈ পণ্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ আই পি এলত পণ্টে ১৪৭.৭ ষ্ট্ৰাইক ৰেটত ২৮০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে। তেওঁৰ অনুপস্থিতিত কেপিটেলছে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰক অধিনায়কত্ব প্ৰদান কৰিছে। অৱশ্যে ফ্ৰেঞ্চাইজিয়ে এতিয়াও পণ্টৰ সলনি কোনো খেলুৱৈৰ নাম ঘোষণা কৰা নাই।

    মুম্বাই ইণ্ডিয়ানছৰ সফলতাত যশপ্ৰীত বুমৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৱশ্যে আঘাতৰ বাবে এই ছিজনত খেলিব নোৱাৰিব তাৰকা বলাৰগৰাকীয়ে। শেহতীয়াকৈ নিউজিলেণ্ডত আঘাতপ্ৰাপ্ত কঁকালৰ তলৰ অংশৰ অস্ত্ৰোপচাৰ কৰা বুলি খবৰ পোৱা গৈছ৷ বুমৰাহ এই বছৰৰ বেছিভাগ সময় খেলপথাৰৰ পৰা আঁতৰি থাকিব পাৰে। ডেথ অভাৰৰ সময়ত বুমৰাহৰ য়ৰ্কাৰসমূহ মাৰাত্মক হিচাপে বিবেচতি হৈ আহিছে। তেওঁৰ অনুপস্থিতিত মুম্বাই ইণ্ডিয়ানছৰ হৈ ইংৰাজ তাৰকা জোফ্ৰা আৰ্চাৰে এই বৃহৎ শূন্যতা পূৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷

    আই পি এলৰ অন্যতম ভয়ংকৰ বেটছমেন কলকাতা নাইট ৰাইডাৰ্ছৰ শ্ৰেয়াছ আয়াৰ। সোঁহতীয়া বেটাৰগৰাকীৰ পিঠিৰ অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা আছে আৰু আই পি এলৰ এই ছিজনত অংশ ল’ব নোৱাৰিব। তেওঁৰ অনুপস্থিতি ব্যাপকভাৱে অনুভৱ কৰিব কলকাতা নাইট ৰাইডাৰ্ছে। যোৱা নিলামত ফ্ৰেঞ্চাইজিটোৱে ষ্টাৰ বেটাৰজনক ১২.২৫ কোটি টকাত আনিছিল, অধিনায়কত্বও প্ৰদান কৰা হৈছিল। এতিয়া অধিনায়ক হিচাপে ঘোষণা কৰিছে আন এগৰাকী বেটাৰ নীতিশ ৰাণাক।

    চেন্নাই চুপাৰ কিংছৰ তাৰকা কাইল জেমিছনেও এইবাৰ খেলিব নোৱাৰিব৷ পিঠিৰ আঘাতৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব৷ যাৰ ফলত তেওঁ চাৰি মাহৰ বাবে আঁতৰি থাকিব। নিউজিলেণ্ডৰ ফাষ্ট বলাৰগৰাকীৰ এই অভাৱ ধোনী বাহিনীৰ বাবে প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হৈছে৷ জেমিছনৰ উপৰিও যোৱাটো চিজনত আক্ৰমণাত্মকভাৱে বলিং কৰা মুকেশ চৌধৰীয়েও আঘাটৰ বাবে এইবাৰ খেলিব নোৱাৰিব৷

    বগা বল ক্ৰিকেটৰ অন্যতম ধ্বংসাত্মক বেটছমেন পাঞ্জাৱ কিংছ ইলেভেনৰ ইংলিছ তাৰকা জনী বেয়াৰ্ষ্টো। তেওঁ আই পি এলতো দূৰ্দান্ত ইনিংছ খেলিছে। অৱশ্যে যোৱা অক্টোবৰ মাহত তেওঁৰ ভৰি ভঙা আৰু ভৰিৰ গোৰোহা ছিঙি যোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল৷ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ নোহোৱাৰ বাবে তেওঁক ছিজনৰ বাবে খেলিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই। পঞ্জাবে তেওঁৰ সলনি মেথিউ শ্বৰ্টক নিযুক্তি দিছে।

    যোৱা দুটামান ছিজনত ঘৰুৱা ক্ৰিকেটত অতিশয় ফৰ্মত আছে ৰজত পাটিদাৰ। যোৱা ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে  তেওঁৰ বিধ্বংসী ইনিংছ লেখত ল’বলগীয়া৷ যোৱা ছিজনত আৰচিবিৰ হৈ প্ৰতিযোগিতাখনৰ অন্তিম পৰ্যায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ২৯ বছৰীয়া পাটিদাৰৰ বৰ্তমান বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত পুনৰ্বাসন চলি আছে।

    পাটিদাৰৰ উপৰিও আৰচিবিয়ে অষ্ট্ৰেলিয়াৰ স্পীডষ্টাৰ জোছ হেজেলউডৰো অভাৱ অনুভৱ কৰিব৷ কাৰণ তেওঁ একিলিছ টেণ্ডোনাইটিছৰ পৰা সুস্থ হৈ উঠিবলৈ সময় লাগিছে৷ এতিয়ালৈকে খেলপথাৰত নামিব পৰা অৱস্থাত নাই তেওঁ৷ ৰয়েল চেলেঞ্জাৰছে দুয়োজন খেলুৱৈৰ সলনি খেলুৱৈৰ নাম উল্লেখ কৰা নাই।

    যোৱা ছিজনত ৰাজস্থান ৰয়েলছৰ প্ৰসিদ্ধ কৃষ্ণই  ভাল বলিং কৰি ১৭খন খেলৰ পৰা ১৯টা উইকেট দখল কৰি ৰয়েলছক আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিছিল। এইবাৰ ষ্টাৰ পেচমেনগৰাকীয়ে মেৰুদণ্ডৰ লাম্বাৰ ষ্ট্ৰেছ ফ্ৰেক্টৰৰ অস্ত্ৰোপচাৰৰ পিছত গোটেই ছিজনটো খেলিব নোৱাৰিব। ৰয়েলছে ১০ কোটি টকাৰ বিনিময়ত বেগী বলাৰগৰাকীক আনিছিল। কিন্তু এইবাৰ তেওঁ খেলিব নোৱাৰিব। প্ৰসিদ্ধ কৃষ্ণৰ বিকল্প হিচাপে এই ছিজনত ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰিব সন্দীপ শৰ্মাই।