• পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ ভিডিঅ’ত নাই বিশ্বকাপবিজয়ী অধিনায়ক ইমৰান খানৰ নাম! ৰাজনৈতিক মেৰপেচত বন্দী পাকিস্তানৰ ক্ৰিকেট

    ক্ৰীড়া
    পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ ভিডিঅ’ত নাই বিশ্বকাপবিজয়ী অধিনায়ক ইমৰান খানৰ নাম! ৰাজনৈতিক মেৰপেচত বন্দী পাকিস্তানৰ ক্ৰিকেট
    ডিজিটেল ডেস্কঃ পাকিস্তানৰ ক্ৰিকেট ইতিহাসত আটাইতকৈ ডাঙৰ সফলতা আহিছিল ইমৰাণ খানৰ দ্বাৰা। ১৯৯২ চনত পাকিস্তানে বিশ্বকাপ জয় কৰিছিল। সেই দলটোৰ অধিনায়ক আছিল দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। কিন্তু শেহতীয়াকৈ পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ ভিডিঅ’ তেওঁৰ অবিহনে নিৰ্মাণ হ’ল। দেশৰ স্বাধীনতা দিৱসৰ দিনা ১৪ আগষ্টত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰা স্মৃতিমূলক ভিডিঅ’টোত প্ৰাক্তন অধিনায়ক ইমৰাণৰ নাম অন্তৰ্ভুক্ত নহ’ল৷

    এতিয়ালৈকে পাকিস্তানে ৫০ অভাৰ ক্ৰিকেটত মাত্ৰ এবাৰহে বিশ্বকাপ জয় কৰিছে। বিশ্বকাপ জয়ৰ দ্বাৰা ইমৰানে দলটোৰ ওপৰত আত্মবিশ্বাস কঢ়িয়াই আনিলে। তেওঁৰ নেতৃত্বত পাকিস্তানৰ দলটোৱে এক অবিশ্বাস্য যুঁজ দিছিল। কিন্তু স্মৃতিমূলক ভিডিঅ’টোত ইমৰাণৰ বাদ পৰাৰ আঁৰত ৰাজনৈতিক কাৰণ আছে বুলি ধাৰণা কৰা হৈছে।

    ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিত যোগদান কৰে ইমৰানে। তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু টোছাখানা গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰাও নিৰ্বাসিত হৈ আছে। এনে পৰিস্থিতিত তেওঁক সচেতনভাৱে ব’ৰ্ডৰ ভিডিঅ’ৰ পৰা বাদ দিয়া বুলি ধৰা হয়।

    ভিডিঅ’টোত পাকিস্তান ক্ৰিকেট দলৰ বিভিন্ন কৃতিত্বৰ ওপৰত আলোকপাত কৰা হৈছে। কোনো ট্ৰফী জয়ৰ কথা উল্লেখ থাকিলে অধিনায়কৰ নাম লিখা থাকে। কিন্তু যেতিয়া ১৯৯২ চনৰ বিশ্বকাপৰ সফলতা দেখুওৱা হৈছিল তেতিয়া ইমৰাণৰ নাম উল্লেখ কৰা হোৱা নাছিল।