• পেৰিছ অলিম্পিকত বিতৰ্ক! নকল সোণৰ পদক দিয়া হৈছে বিজয়ীক! উঠিছে অভিযোগ

    ক্ৰীড়া
    পেৰিছ অলিম্পিকত বিতৰ্ক! নকল সোণৰ পদক দিয়া হৈছে বিজয়ীক! উঠিছে অভিযোগ
    ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত পদক লাভ কৰিও বহু খেলুৱৈ সুখী নহয়। তেওঁলোকৰ অভিযোগ পদকসমূহৰ মানদণ্ডক লৈ। অলিম্পিক শেষ হোৱাৰ আগতেই আৰম্ভ হৈছিল বিতৰ্ক। স্বৰ্ণ পদক বিজয়ী ভিক্টৰ এক্সেলছেনে অভিযোগ কৰে যে পদকত সোণৰ পৰিমাণ কম। আনহাতে পদকটোৰ ৰং ম্লান হৈ যোৱাৰ অভিযোগো উত্থাপন হৈছে।

    ২০২১ চনৰ টকিঅ’ অলিম্পিকত পুৰুষৰ একক বেডমিণ্টনত সোণৰ পদক লাভ কৰিছিল ডেনমাৰ্কৰ এক্সেলছেনে। এইবাৰো তেওঁ জয়ী হৈছিল। তেওঁ এটা ভিডিঅ’ মুকলি কৰে। তাত লাভ কৰা স্বৰ্ণ পদক দুটা তেওঁ কাষে কাষে ৰাখিছিল। এক্সেলছনৰ মতে, টকিঅ’ত পোৱা পদকটোত সোণৰ পৰিমাণ আছিল ৯ শতাংশ। পেৰিছত ই ১ শতাংশলৈ হ্ৰাস পায়।

    ১৯১২ চনৰ আগতে অলিম্পিকত সোণৰ পদক আছিল বিশুদ্ধ সোণ। কিন্তু পিছত বন্ধ হৈ গ’ল। তীখাত সোণৰ প্লেটিং লগোৱা হয়। কিন্তু সোণৰ নাটনিও হৈছে বুলি অভিযোগ কৰে এক্সেলছেনে।

    আমেৰিকাৰ নিজা হাষ্টনে এইবাৰ পুৰুষৰ ষ্ট্ৰীট স্কেটবৰ্ডত ব্ৰঞ্জৰ পদক লাভ কৰে। ৯ আগষ্টত তেওঁ সেই পদক লাভ কৰিছিল। হাষ্টনে ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে এখন ফটো। তেওঁৰ পদক দুখন ছবি। জয়ৰ পিছত তুলি লোৱা হৈছে। আনটো তিনিদিন পিছত লোৱা হৈছিল। এইটো স্পষ্ট যে পদকৰ ৰং ম্লান হৈ পৰিছে।

    এই প্ৰসংগত হাষ্টনে কয় যে পেৰিছ অলিম্পিকৰ পদক নতুন হ’লে দেখা পাই ভাল লাগে। কিন্তু ঘামচি ওলাই বন্ধু-বান্ধৱীক পদক পিন্ধিবলৈ দিয়াৰ পিছত ইয়াৰ ৰং সলনি হ’ল। বহুত ম্লান হৈ গৈছে। মই ভাবো অলিম্পিক কমিটীয়ে এই বিষয়টো চাব লাগে।’ অৱশ্যে এই অভিযোগ সন্দৰ্ভত অলিম্পিক কমিটীয়ে এতিয়াও কোনো মন্তব্য কৰা নাই।