• গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ; এ চি এ ষ্টেডিয়ামত দৰ্শকেও চাব পাৰিব অনুশীলন

    ক্ৰীড়া
    গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ; এ চি এ ষ্টেডিয়ামত দৰ্শকেও চাব পাৰিব অনুশীলন
    ডিজিটেল ডেস্কঃ আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীত খেলিবলৈ অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূৱৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত তেওঁলোকে অনুশীলন উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিব৷

    অহা ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীয়ে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ লোকে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নহয় বুলি সদৰী কৰিছে৷

    ইফালে, আজিৰে পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে৷ আজি পূৱা দহ বজাৰ পৰা তিনি বজালৈ তথা নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে৷ প্ৰথমদিনাৰ অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল, সন্দিপ শৰ্মাই৷ দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে৷ অহা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব এই বিশেষ শিবিৰ৷

    স্মৰ্তব্য যে এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয় অনুশীলন শিবিৰো দলটোৰ দ্বিতীয়খন ঘৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামতে কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ঘৰুৱা মেচৰ আৰম্ভনিও গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ 

    অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ গুৱাহাটীত অনুশীলন কৰিয়ে ছিজনৰ নতুন অভিযানৰ বাবে যাব দলটো৷ উল্লেখ্য যে ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে৷ অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ মৰম বিচাৰি পুনৰ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ৷